ৰাস্তাজুৰি বিয়পি পৰিছে কেৱল মৃতদেহ! অগ্নিগৰ্ভ হৈ পৰিছে বাংলাদেশ। চুবুৰীয়া দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘৰ্ষ চলি আছে। দেওবাৰৰ পৰা দেশখনৰ বিভিন্ন প্ৰান্তত আৱামী লীগ, ছাত্ৰ লীগৰ কৰ্মী আক্ৰমণৰ বলি হৈছে। ইতিমধ্যে ১৪ জন আৰক্ষীকে ধৰি ৯৮ জন লোকৰ মৃত্যু হৈছে।
ছিৰাজগঞ্জৰ এনায়েতপুৰ থানাত সংঘটিত হিংসাত্মক আক্ৰমণত ১৩ জন আৰক্ষীৰ সদস্য আৰু কুমিল্লাৰ ইলিয়টগঞ্জত আন এক আক্ৰমণত হাইৱে থানাৰ এজন আৰক্ষী জোৱান প্ৰাণ হেৰুৱাইছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জাৰি কৰা হৈছে সান্ধ্য আইন।
লগতে পঢ়কঃ ১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ
সময়ৰ লগে লগে বাংলাদেশত অসহযোগ আন্দোলনে অধিক বিপজ্জনক ৰূপ ধাৰণ কৰিছে। দেওবাৰৰ পৰা ঢাকা, চট্টগ্ৰাম, পাবনা, চিলেট, ফেনী, বগৰা, বৰিছাল, ছিৰাজগঞ্জ, কিশোৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত চৰকাৰ সমৰ্থক আৱামী লীগ আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হৈছে। দেশৰ কমেও ৫০খন জিলাত সংঘটিত হৈছে হিংসাত্মক ঘটনা। দেওবাৰে গোটেই দিনটো পিষ্টল, বন্দুক, লাঠি আদিৰে ৰাজপথৰ সংঘৰ্ষৰ ছবি বন্দী হৈছে। কেইবাশ লোক আহত হয়।
আন্দোলনকাৰীৰ বিৰুদ্ধে চৰকাৰী নেতা-মন্ত্ৰীৰ বাসগৃহতো আক্ৰমণ কৰি অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰাৰ ঘটনা ঘটিছে। ছাত্ৰ-ছাত্ৰীৰ অসহযোগ আন্দোলনৰ বাবে দেওবাৰে ৰাজধানী ঢাকা দেশৰ বাকী অংশৰ পৰা কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰে। দীৰ্ঘ দূৰত্বৰ বাছ, ৰেল আৰু অন্যান্য ৰাজহুৱা পৰিবহণসমূহো বন্ধ কৰি দিয়া হৈছে।
শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত আন্দোলনৰ আহ্বান জনায় ছাত্ৰ নেতাসকলে। দেওবাৰে আন্দোলনে তীব্ৰতাৰ মাত্ৰা অতিক্ৰম কৰে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বাহিৰেও আন্দোলনকাৰীৰ সৈতে আৱামী লীগৰ সমৰ্থকসকলৰ সংঘৰ্ষ ঘটে। ঢাকাকে ধৰি ১৪খন জিলাত মুখামুখি সংঘৰ্ষ হয়। উৰাবাতৰি ৰোধ কৰিবলৈ ফেচবুক পুনৰ বন্ধ কৰা বুলি খবৰ ওলাইছে। অৱশ্যে ইণ্টাৰনেট সেৱা এতিয়াও উপলব্ধ আছে।
লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ
দেওবাৰে নিশা ১০ বজালৈকে বাংলাদেশৰ একাংশ অঞ্চলত সংঘৰ্ষ অব্যাহত থাকে। সোমবাৰে পুৱালৈকে ৯৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন্দোলনৰ পূৰ্বৰ পৰ্যায়ত ১৫০ জন লোকৰ মৃত্যুৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে চৰকাৰে। যদিও বেচৰকাৰী সূত্ৰ অনুসৰি দুশৰো অধিক লোকৰ মৃত্যু হৈছে।