শনিবাৰে পুৱা ঔষধ কাৰখানাৰ বয়লাৰত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে আৰু ১০ জন গুৰুতৰভাৱে আহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰী চিটি ঔদ্যোগিক এলেকাৰ এটা ঔষধ কাৰখানাত সংঘটিত হয় এই দুৰ্ঘটনা। শনিবাৰে পুৱা প্ৰায় ৮ বজাত হঠাতে ফেক্টৰীৰ ভিতৰত থকা বয়লাৰ এটা তীব্ৰ শব্দৰে বিস্ফোৰণ ঘটে। লগে লগে কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হয়।
তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। কেইবাজনো আহত শ্ৰমিকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়ে। তাতে চিকিৎসকে পাঁচজনক মৃত ঘোষণা কৰে। আহত চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে কাৰখানাটোৰ এটা অংশ ধ্বংসাৱশেষত পৰিণত হৈছে। তাত আৰু বহু শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ঘটনাৰ সময়ত কাৰখানাটোত কিমান শ্ৰমিক আছিল সেয়া স্পষ্ট হোৱা নাই। সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। একে সময়তে আৰক্ষীয়ে মৃত লোককেইজনক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।
আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ৮ বজাত কাৰখানাটোত ঔষধ প্ৰস্তুত কৰা কাম চলিছিল। সেই সময়ত কাৰখানাটোৰ বয়লাৰ ইউনিটত হঠাতে বিস্ফোৰণ ঘটে। সেই সময়ত কাৰখানাত নৈশ শ্বিফ্টৰ শ্ৰমিকসকলে কৰ্তব্যত আছিল। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে থিতাতে ৫জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও আৰু ১০ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ইয়াৰ উপৰিও বিস্ফোৰণৰ ফলত কাৰখানাটোৰ এটা অংশ ক্ষতিগ্ৰস্ত হয়।
ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। তদন্তকাৰী দলে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। বয়লাৰত অত্যধিক চাপ বা আন কোনো কাৰিকৰী বিজুতিৰ বাবেই বিস্ফোৰণ ঘটিছে নেকি সেয়া চৰকাৰী বিষয়াসকলে তদন্ত কৰি আছে।


