NORTHEAST NOW (Assamese)

ওদালগুৰিত খাদ্যত বিষক্ৰিয়া হৈ শিশু, মহিলাকে ধৰি ১৬ জন অসুস্থ

August 18, 2018 5:07 pm · ছাজিদ খান
Updated: August 18, 2018 7:10 pm

আজি ওদালগুৰি জিলাৰ পানেৰীত মহিলা, শিশুকে ধৰি প্ৰায় ১৬ জন লোক খাদ্যত বিষক্ৰিয়া হৈ ওদালগুৰি পানেৰী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে।

চিকিৎসাধীন লোক সকলৰ পৰা জানিব পৰা মতে শুকুৰবাৰে জিলাখনৰ পূব পানেৰী বিষ্ণু মন্দিৰত অনুষ্ঠিত এক মাহেকীয়া নাম প্ৰসংগত তেওঁলোকে অংশ গ্ৰহণ কৰিছিল। আৰু তাতে তেওঁলোকে মন্দিৰৰ নাম প্ৰসংগৰ পিছত প্ৰসাদ খাইছিল আৰু ইয়াৰ পিছৰে পৰা তেওঁলোকৰ মূৰঘূৰণি, বমি আদি হৈছিল।

আনহাতে এই ঘটনাৰ পিছতে আজি স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাধীন লোক সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ছাত্ৰ সংগঠনৰ সদস্য আৰু স্থানীয় লোক সকল উপস্থিত হয়।

ইফালে স্বাস্থ্য কেন্দ্ৰটোৰ আয়ুৰ্বেদিক চিকিৎসক সন্তোষ সিং যাদভে খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হৈ থকা লোক সকলৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা উন্নতি হোৱা বুলি জনাইছে।

Related News