মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ জয় জয়কাৰ; মাজুলীৰ দলংখন কিমানদিনত সম্পূৰ্ণ কৰি দেখুৱাব?

সততে কোৱা হয় ‘অসমে এগৰাকী দক্ষ-প্ৰতাপী তথা প্ৰভাৱশালী মুখ্যমন্ত্ৰী লাভ কৰিলে’।

Majuli : এনেদৰে কোৱাটোও স্বাভাৱিক। কিয়নো ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাৰ সময়তে তথা স্বাস্থ্য-বিত্তকে ধৰি বহুকেইটা দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ সমষ্টিত বহুকেইটা উন্নয়নমূলক কামে জকমকাই থকা দেখিবলৈ পোৱা গৈছে।

এইমছ ৰহাত বিচাৰি বহু প্ৰতিবাদ হ’ল। কিন্তু জালুকবাৰীতে স্থাপন হ’ল এইমছ। ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত এইমছ।

ঠিকে সেইদৰে গুৱাহাটী-উত্তৰ-গুৱাহাটী সংযোগ কৰাৰ ক্ষেত্ৰত শৰাইঘাটৰ প্ৰথম আৰু দ্বিতীয় দলং ইতিমধ্যে আছেই। তাৰ পাছতো নিৰ্মীয়মান অৱস্থাত আছে ইংৰাজী বৰ্ণমালাৰ Y আকৃতিৰ লেখীয়া তৃতীয়খন দলং।

ইতিমধ্যে প্ৰায় ৪০ শতাংশ সম্পূৰ্ণ হ’ল তৃতীয়খন দলঙৰ কাম। সোণাৰাম হাইস্কুল খেলপথাৰৰ পিছফালে আয়োজিত ভূমি পূজনৰ জৰিয়তে ২০২০ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ল ৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণকাৰ্য।

২০১৯ চনৰ ৯ ফেব্ৰুৱাৰিতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল।

২০২৩ চনৰ ১৩ আগষ্ট ডেডলাইন বান্ধি দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ ৰ আগষ্ট মাহৰ ভিতৰত জনসাধাৰণৰ যাতায়তৰ বাবে মুকলি কৰি দিব বুলি দৃঢ় প্ৰতিজ্ঞ আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী।

কিন্তু মাজুলীবাসীৰো দীৰ্ঘদিনীয়া সপোন ‘তেওঁলোকক এখন দলং লাগে’। মাজুলী-যোৰহাট সংযোগী দলঙৰ সপোন ৰাজ্যবাসীৰো আছে ।

২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰথমবাৰলৈ আধাৰশিলা স্থাপন কৰিলে মাজুলী-যোৰহাট সংযোগী দলঙৰ। আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।

৫ বছৰৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে মাজুলীবাসীৰ লগত হোৱা ৬০ বছৰীয়া অন্যায়ৰ পৰা মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি।

মোদীয়ে ভাষণ দি দিল্লীলৈ উৰা মাৰিলে। সকলো যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হ’ল। ২০২০ চনৰ ১৯ নৱেম্বৰ। পুনৰ এবাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৰহাট আৰু মাজুলীক সংযোগ কৰিবলৈ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হোৱাৰ কথা ঘোষণা কৰিলে।

প্ৰায় ১২ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰি উলিওৱা হ’ল দলং নিৰ্মাণৰ ডিপিআৰ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ল ভূমিপুজন। কিন্তু এতিয়ালৈকে ৫ শতাংশই আৰম্ভ নহ’ল দলং নিৰ্মাণৰ কাম-কাজ। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ ঘোষণা ‘নৱেম্বৰ মাহৰ পৰাহে আৰম্ভ হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম’।

বুধবাৰে নিমাতিঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ পাছতে যেন হঠাৎ সাৰ পাই উঠিল ৰাজ্য চৰকাৰ। মাজুলীলৈ দলঙ এখনৰ প্ৰয়োজনীয়তাৰ কথা বাৰুকৈয়ে মনলৈ আহিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অথচ নৱেম্বৰৰ পৰাহে আৰম্ভ হ’ব মাজুলী-যোৰহাট দলঙৰ কাম-কাজ।

পাৰ্থক্য এটাই। গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ আধাৰশিলা স্থাপন হৈছিল ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত। তাৰ বিপৰীতে ‘মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন হৈছিল ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত।

২০২০ চনৰ ১ মাৰ্চত আধাৰশিলা স্থাপন হোৱা গুৱাহাটী-উত্তৰ-গুৱাহাটী সংযোগী তৃতীয়খন দলঙৰ কাম প্ৰায় ৪০ শতাংশই সম্পূৰ্ণ। কিন্তু মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব নৱেম্বৰ মাহৰ পৰাহে।

অথচ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হ’বলৈ বহু দূৰ। কিন্তু মুখ্যমন্ত্ৰীৰ সমষ্টিত ইতিমধ্যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দুখনকৈ দলং থকাৰ পাছতো তৃতীয়খন দলঙ সম্পূৰ্ণ কৰাৰ বাবে তীব্ৰগতিত চলিছে কাম-কাজ।

সেয়েহে কৈছো মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ জয় জয়কাৰ।মাজুলীৰ দলংখন কিমানদিনত সম্পূৰ্ণ কৰি দেখুৱাব? মুখ্যমন্ত্ৰীৰ বাবে এয়াও এক দক্ষতা প্ৰমাণৰ অগ্নিপৰীক্ষা!