এটা নিৰ্জন দুপৰীয়া

যৌনতা বা যৌন-সম্পৰ্ক কোনো অপৰাধ নহয়। খাদ্য-বস্ত্ৰ-বাসস্থানৰ দৰেই এক মৌলিক প্ৰয়োজন যৌনতাও। অৱশ্যেই আমাৰ সমাজ-ব্যৱস্থাত এতিয়াও প্ৰাক-বৈবাহিক যৌন সম্পৰ্কক এক অপৰাধ বুলিয়েই গণ্য কৰা হয় বা তেনে দৃষ্টিৰেই চোৱা হয়। যদিওবা আমাৰ দেশীয় আইন ব্যৱস্থাত তেনে কোনো বাধা-নিষেধ নাই। অৰ্থাৎ প্ৰাপ্তবয়স্ক দুই ব্যক্তিৰ মাজত তেওঁলোকৰ দুয়োৰে সন্মতি অনুসৰি যৌন-সম্পৰ্ক ঘটিব পাৰে। অথচ এই যৌন সম্পৰ্কক লৈয়েই কত কি সামাজিক সমস্যা নহয়। এনেধৰণৰ বিষয় আন বিভিন্ন চলচ্চিত্ৰত কোনো এক অংশ হিচাপে প্ৰদৰ্শিত হৈছে,পিছে আমাৰ অসমৰ ছবিজগতত এনে এটি নিৰ্দ্দিষ্ট ঘটনাকে বিষয়বস্তু কৰি পূৰ্বে ছবি নিৰ্মিত হোৱা নাছিলে। গত মাহত সমকামিতাৰ ওপৰত নিৰ্মিত অসমীয়া ছবি “সত্য দা ট্ৰুথ””এটা নিৰ্জন দুপৰীয়া”ৰ দৰে ছবিয়ে হয়তো কলাৰ এই শক্তিশালী দৃশ্য-শ্ৰাব্য মাধ্যমৰ জড়িয়তে সামাজিক স্তৰত পৰিৱৰ্তন অনাৰ দিশত নিৰ্মাতাসকলৰ এক সাহসী তথা আশাপ্ৰদ পদক্ষেপেই বুলিব লাগিব। যিহেতু এনেবোৰ দিশত এতিয়াও যথেষ্ট ৰক্ষণশীল আমাৰ সমাজ-ব্যৱস্থা। এনেধৰণৰেই এক বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মিত ছবি এটা নিৰ্জন দুপৰীয়া। এটা নিৰ্জন দুপৰীয়াৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা খঞ্জন কিশোৰ নাথৰ। উল্লেখনীয় যে এটা নিৰ্জন দুপৰীয়া খঞ্জন কিশোৰ নাথৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। গত ১ মাৰ্চ তাৰিখে ছবিখনে অসমৰ ভিন্ন ছবিগৃহত মুক্তিলাভ কৰিছিলে।

অসমৰে এখন সৰু চহৰ(নগাওঁ)ৰ সৰস্বতী পূজাৰ দিনটোত এহাল যুৱক-যুৱতীৰ দিনটোৰ চৰ্যাৰেই কাহিনী এটা নিৰ্জন দুপৰীয়া। ছবিখনৰ আৰম্ভণি ঘটে মহাবিদ্যালয়ত অনুষ্ঠিত সৰস্বতী পূজাৰ কিছু বিক্ষিপ্ত দৃশ্যাংশৰ মাজেৰে। দুই যুৱক-যুৱতীৰ পূৰ্ব পৰিকল্পিত ধৰণে তেওঁলোকৰ কায়িক নৈকট্যৰ বাবে যুৱকজনৰ বন্ধুৰ কোঠালিটো নেপাই,দুয়ো বিবুদ্ধিত পৰে। এইদৰে আৰম্ভ হয় আন আন স্থান বিচৰাৰ প্ৰয়াস। সেই প্ৰয়াসসমূহ অসফল হোৱাত এইবাৰ যুৱকজনে হোটেলৰ কোঠা বুক কৰি কিছু সময় কটোৱাৰ প্ৰস্তাব দিয়ে। অৱগুণ্ঠিত যুৱতীগৰাকীয়েও অৱশেষত সন্মতি জনাই। দুয়ো মুখ্য চৰিত্ৰত অভিনয় কৰা পাৰ্ভি বৰুৱা আৰু কৌশিক নাথৰ মুখাৱয়বত অস্থিৰতা আৰু উদ্বিগ্নতাৰ প্ৰকাশ স্পষ্টভাৱে ফুটি উঠে। এইবাৰ হোটেলৰ অন্বেষণ আৰম্ভ হয়। ছবিৰ আৰম্ভণিৰে পৰাই কাহিনীৰ গতি মন্থৰ। যদিওবা বিষয়বস্তু কিছু স্পৰ্শকাতৰ বা সমাজ-বিৰোধী প্ৰকাৰৰ,ছবিখন চাই থাকোতে,এই লৈ মনোগ্ৰাহীতা বা পৰৱৰ্তী পৰ্যায়ত কি হ’ব তাক লৈ আগ্ৰহৰ সৃষ্টি নহয়। ইয়াৰ কাৰণ দুৰ্বল চিত্ৰনাট্যৰ লগতেই দুৰ্বল সম্পাদনাও। কিছুমান দৃশ্য অধিক দীঘলীয়া হোৱা যেন অনুভূত হ’ল। যেনে দুয়োৱে হোটেল বিচাৰি বিচাৰি যেতিয়া এখন অতি ব্যয়বহুল হোটেলৰ সমুখত ৰয়গৈ-তেতিয়া সেইখন হোটেললৈ ৰাস্তাৰ পৰা দুয়ো একেলগে চাই থকাৰ শ্বটটো অধিক তথা অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া হৈছে। সমগ্ৰ ছবিখনতেই উৎকন্ঠা আৰু শিহৰণ জন্মাব পৰা বহুখিনি থল আছিলে,যিখিনি উপাদানৰ অভাৱত ছবিখন বহু পৰিমাণে দুৰ্বল হৈ ৰ’ল। চিত্ৰানাট্যখ্নত নিশ্চিতভাৱে আৰু অধিক কাম কৰিব পৰা গ’লহেঁতেন। জয়ন্ত চেথু মাধৱনৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। আলোকশিল্পৰ কাম ভাল। দুয়োৰে কায়িক মিলনৰ সময়খিনিত উত্তেজনাৰ উপস্থাপন খুব স্বাভাৱিক তথা সমুচিত। কাহিনীয়ে গতি সলায়,যদিওবা অপ্ৰত্যাশিত নাছিলে,তথাপিও এই গতিৰ পৰিৱৰ্তন জৰুৰী আছিল। মাজভাগৰ পৰা ছবিখনলৈ কিছু উৎকন্ঠা আহি পৰে। যদিওবা হোটেলৰ দৃশ্যাৱলীৰ দৈৰ্ঘ্যই এই উৎকন্ঠাত বিৰূপ প্ৰভাৱ পেলাই। দেৱজিত গায়নৰ শব্দ গ্ৰহণ আৰু সংমিশ্ৰণৰ কাম প্ৰশংসনীয়।
এটা নিৰ্জন দুপৰীয়াৰ আটাইতকৈ ভাল লগা দিশটি হৈছে ইয়াৰ চৰিত্ৰ নিৰ্বাচন। মুখ্য চৰিত্ৰ দুটিত অভিনয় কৰা পাৰ্ভি বৰুৱা আৰু কৌশিক নাথৰ বিকল্প যেন আন কোনো হ’ব পাৰিব এই ছবিখনত এনে নেলাগিল। বিশেষকৈ অন্তিম দৃশ্য পৰ্যন্ত পাৰ্ভি বৰুৱাৰ অভিনয়ৰ যি সুযোগ আছিলে,পাৰ্ভি বৰুৱাই সেই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিছে। কৌশিক নাথৰ অভিনয়ো প্ৰতিশ্ৰুতিসম্পন্ন। লগতে ধনঞ্জয় দেৱনাথৰ চৰিত্ৰৰ অভিনয়ো স্বাভাৱিক। ছবিখনৰ অন্তিম সময়ত দেৱী বিসৰ্জনৰ উদ্দেশ্যে লগোৱা ভিন্নসুৰী উদ্ভট সংগীত আৰু অস্পষ্ট-ধূঃসৰ ছবি আৰু মুখাৰ ব্যৱহাৰ ছবিখনৰ ক্ষেত্ৰত এক প্ৰতীকী সমুচিত প্ৰয়োগ,যিদৰে পূজাৰ পিছত বাটৰ কাষত ৰাখি থোৱা শাৰী শাৰী প্ৰতিমাৰ মাজত অদিতি(পাৰ্ভি বৰুৱা)ই ঘৰলৈ যাবৰ বাবে গাড়ীলৈ ৰৈ থকাৰ দৃশ্যটোৱে অদিতিৰ সেই সময়ৰ মনোদশাক সম্পূৰ্ণৰূপে তুলি ধৰিছিলে। এই দুটি দৃশ্য সমগ্ৰ ছবিখনৰে আটাইতকৈ ভাল লগা দৃশ্য।”এটা নিৰ্জন দুপৰীয়া”কোনো অগতানুগতিক ছবি নহয়,পিছে অসমৰ ছবিজগতৰ প্ৰেক্ষাপটত এনে ছবিৰ প্ৰাসংগিকতা নিশ্চয়কৈ আছে।

Mail- rimli.borkotoky1985@gmail.com