NORTHEAST NOW (Assamese)

দিল্লীৰ বিধানসভাত দুই মহিলা : বিধানসভাত বিৰোধীৰ দলপতি হ’ল আতিশী

February 23, 2025 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ বিধানসভাত বিৰোধী দলৰ দলপতি পদ লাভ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আাতিশী মাৰ্লেনাই।

আপৰ বিধায়িনী দলৰ বৈঠকৰ পাছত আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আতিশীক বিৰোধী দলৰ নেতাৰ দায়িত্ব অৰ্পণ কৰে।

উল্লেখ্য যে দিল্লীত নতুন চৰকাৰ গঠনৰ পাছত অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব দিল্লী বিধানসভাৰ অধিৱেশন। সেই উদ্দেশ্যে দেওবাৰে অৰবিন্দ কেজৰিৱালে ২২ গৰাকী বিধায়কৰ সৈতে বৈঠকত বহিছিল। 

বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে আতিশী মাৰ্লেনাই বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব লব। এই গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিত হোৱাৰ পিছত আতিশীয়ে কেজৰিৱালক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয় যে মোক এই গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ বাবে অৰবিন্দ কেজৰিৱালক বহুত বহুত ধন্যবাদ। ৰাজ্যবাসীয়ে আমাক বিৰোধী ভূমিকা গ্ৰহণৰ দায়িত্ব দিছে বিৰোধী দলৰ দায়িত্ব পালনত আমি কিমান শক্তিশালী সেয়া আমি দেখুৱাম। মুখ্যমন্ত্ৰী হিচাপে মই দিল্লীবাসীক কঠিন সময়ত সেৱা আগবঢ়াইছিলো। এইবাৰ বিৰোধী নেতাৰ কৰ্তব্যও সফলতাৰে পালন কৰিম।

Related News