• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল : এটিকে কলকাতাৰ হাতত ৫-১ৰ ব্যৱধানত ধৰাশায়ী হ’ল জৰ্জ টেলিগ্ৰাফ

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
October 28, 2018 7:47 pm
Governor's Gold Football Cup

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিকিমত যোৱা ২৩ অক্টোবৰৰ পৰা চলা ৩৮ সংখ্যক অল ইণ্ডিয়া গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে এটিকে কলকাতা (ৰিজাৰ্ভ)। পালজৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি এটিকে কলকাতাই দুৰ্দান্ত প্ৰদৰ্শনেৰে ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে কলকাতাৰে আন এক দল জৰ্জ টেলিগ্ৰাফক।

আজিৰ খেলখনত এটিকে কলকাতাই আৰম্ভণিৰে পৰা জৰ্জ টেলিগ্ৰাফ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা দেখা যায়। খেলৰ ১১ মিনিটত থময় চিমৰায়ে এটিকেৰ হৈ প্ৰথমটো গ’ল কৰে। ইয়াৰ ঠিক তিনি মিনিট পাছতে দলৰ হৈ ব্ৰেণ্ডন গ্ৰীনে আন এটা গ’ল কৰি খেলৰ ১৫ মিনিটৰ ভিতৰতে ২-০ৰ অগ্ৰগতি দিয়ে।

Apply Now

২-০ত পিছ পৰি থকা জৰ্জ টেলিগ্ৰাফে মেচখনত নিজৰ চন্দ ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এছকে আজাৰুদ্দিনে মেচৰ ৩৬ মিনিটত এটিকেৰ হৈ তৃতীয়টো গ’ল কৰে। ইয়াৰ ঠিক চাৰি মিনিটৰ পাছতে এটিকে কলকাতাৰ হৈ চাৰি নম্বৰ গ’লটো দিয়ে আশীষ ঝায়ে।

প্ৰথমাৰ্ধৰ ৪০ মিনিটতে সম্পূৰ্ণৰূপে ধৰাশায়ী হোৱা জৰ্জ টেলিগ্ৰাফৰ হৈ মেচৰ একমাত্ৰ গ’লটো এছকে ৰাজাই ৪২ মিনিটত প্ৰদান কৰে।

আনহাতে দ্বিতীয়াৰ্ধত জৰ্জ টেলিগ্ৰাফ দলে কিছু পৰিমানে উন্নতমানৰ খেল প্ৰদৰ্শন কৰা দেখা যায় যদিও ৰক্ষণ বিভাগৰ দুৰ্বলতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৭৫ মিনিটত এটিকেই বিপক্ষৰ শিৱিৰত পঞ্চমটো মোক্ষম আঘাত হানে। আৰু এইদৰে ৫-১ৰ বৃহৎ ব্যৱধানত বিজয়ী হয় এটিকে কলকাতা।

উল্লেখযোগ্য যে গভৰ্নৰ্ছ গ’ল্ড কাপ প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল সোমবাৰে দুপৰীয়া ২ বজাৰ পৰা ঘৰুৱা দল ছিকিম আক্ৰমক ফুটবল ক্লাব আৰু বেংগালুৰু ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd