এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত হৈছে তিনি জন যাত্ৰী।
এই ঘটনাত আহত হৈছে ৫০ জনৰো অধিক যাত্ৰী।
ৰে’ল দুৰ্ঘটনাটো সংঘটিত হৈছে ৰে’ল চলাচলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাবে পৰিচিত আমেৰিকাত।
আমেৰিকাৰ মণ্টানাত এখন আমট্ৰেক ৰে’ল চিৰিৰ পৰা বাগৰি পৰাৰ ফলত তিনিজন যাত্ৰী থিতাতে নিহত হয়।
মাৰ্কিন ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে আহত যাত্ৰীসকলক ইতিমধ্যে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনাগ্ৰস্ত ৰে’ল খনত ১৩ গৰাকী ৰে’ল কৰ্মীৰ লগতে ১৪৭ গৰাকী যাত্ৰী আছিল।
ৰে’ল খনৰ পাঁচটা দবা চিৰিৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাত পতিত হোৱা ৰে’ল খন চিটল আৰু চিকাগোৰ মাজত চলাচল কৰা ৰে’ল বুলি মাৰ্কিন ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
দুৰ্ঘটনাৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ মাৰ্কিন ৰে’ল বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
উল্লেখ্য ৰে’ল যাতায়াতৰ ক্ষেত্ৰত অতি সুৰক্ষিত দেশ হিচাবে পৰিচিত আমেৰিকাত কাচিৎহে ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।





