DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৈধ ভিছাৰে তুৰস্কৰ পৰা আহি ভাৰতত ATM হেক কৰি লাখ লাখ টকা লুটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

গুৱাহাটীৰ তিনিটা ATM-ৰ গ্ৰাহকৰ ১৬ লাখ ৮৫ হাজাৰ টকা মুম্বাইৰ পৰা উঠাইছিল ভিছা লৈ ভাৰতলৈ অহা হেকাৰকেইজনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 6, 2019 5:38 pm
10.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ, বিশেষকৈ গুৱাহাটীৰ কেইবা ঠাইত থকা ATM-ত গোপন কেমেৰা সংযোগ কৰি গ্ৰাহকৰ কাৰ্ডৰ তথ্য চুৰ কৰি সেই কাৰ্ডৰ ক্ল’নেৰে টকা লুট কৰা দুজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

মুম্বাইৰ পৰা গুৱাহাটীত জাল পেলোৱা দুৰ্বৃত্ত দুজন হ’ল ঈদগী ইমৰাহ আৰু আব্দুল হালেক।

দুইজনকে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ সহযোগত মুম্বাইৰ পৰা যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে।

তেওঁলোকে গুৱাহাটীৰ তিনিটা ATM-ৰ য়ুজাৰক চিকাৰ কৰি ইতিমধ্যে ১৬ লাখ ৮৫ হাজাৰ টকা লুট কৰিছে।

মহানগৰীৰ তিনি ঠাই, ক্ৰমে- লাষ্ট গেইট, লাচিত নগৰৰ এছ বি আই এ টি এম আৰু হাতীগাঁৱৰ য়ুনিয়ন বেংকৰ এ টি এমত স্কেনাৰ মেচিন আৰু গোপন কেমেৰা লগাইছিল এই হেকাৰ চক্ৰই।

পিছত এই গোপন কেমেৰাৰ তথ্যৰ পৰা কাৰ্ড ক্ল’ন কৰি তাৰে মুম্বাইৰ পৰাই টকা উঠাইছিল দুষ্টচক্ৰটোৱে। কিন্তু চি চি টিভি কেমেৰাৰ ফুটেইজৰ সহায়ত অসম আৰক্ষী তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা খালী ATM আৰু ১০খন কাৰ্ড, দুটা লেপটপ জব্দ কৰিছে, নিজৰ কাৰ্য্যালয়তে আজি সম্বোধন কৰা এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনালে।

আৰক্ষী আয়ুক্তজনে লেপটপ দুটাৰ পৰা অধিক তথ্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁৰ সন্দেহ, এই কেইজনৰ সৈতে এটা ডাঙৰ চক্ৰ জড়িত থকাৰ সম্ভাৱনা আছে।

গুৱাহাটীত এই কাৰ্য্যত জড়িত দুষ্ট চক্ৰৰ বিৰুদ্ধে বিভিন্ন থানাত ৪৬টা গোচৰ ৰুজু হৈছিল।

বৰ্তমান দুৰ্বৃত্ত দুজনক গুৱাহাটীলৈ আনি থকা হৈছে। দুয়ো তুৰ্কী মূলৰ আৰু ভিছা লৈ ভাৰতলৈ আহিছিল। তেওঁলোকৰ ভিছাৰ ম্যাদ এতিয়াও শেষ হোৱা নাই, জনালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd