• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত আটছাৰ মুখ্য মন্ত্ৰী সোণোৱাল, গৌৰৱ, কেশৱ মহন্তৰ পুত্তলিকা দাহ

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
April 4, 2019 10:05 pm
691
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টি অন্তৰ্ভুক্ত আমনিস্থিত নিমন্ত্ৰণী হোটেলত আজি বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখা সমিতিয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত  এখন সংবাদমেল আয়োজন কৰে।

উক্ত সংবাদমেলত অসম চৰকাৰৰ লগতে বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰি ছাত্ৰ সংগঠনটোৱে কয় যে চাহ জনগোষ্ঠী তথা কলিয়াবৰবাসী ৰাইজৰ সমস্যাক লৈ বিগত সময়ৰ কংগ্ৰেছ চৰকাৰে চাহ জনগোষ্ঠীটোক ঠক প্ৰবঞ্চনা কৰি গ’ল আৰু বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰেও চাহ শ্ৰমিক তথা বাগান বস্তিৰ এলেকাৰ মানুহক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে।

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কোনো দিনে চাহ শ্ৰমিকৰ সমস্যাৰ বুজ ল’বলৈ নাহিল, মাথো নিৰ্বাচন আহিলেই ভোট বিচাৰি আহে। ঠিক তেনেকৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী হৈও চিকনী চাহ বাগিছাৰ শ্ৰমিক সকলৰ কোনো সমস্যা সমাধান কৰাৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বুলিও সংবাদমেলত উল্লেখ কৰে।

আজিৰ সংবাদ মেলৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকিয়াই দি সংগঠনটোৱে কয় যে, ‘বাগান বস্তিৰ অঞ্চলবোৰৰ ৰাইজক যাতে সমাগত লোকসভা নিৰ্ব্বাচনত টকাৰ প্ৰলোভন দি মদ খোৱাই বিভিন্ন ৰাজনৈতিক দলে প্ৰলোভিত  নকৰে।’ লগতে আটছাই জনগোষ্ঠীটোৰ ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

আনহাতে সংবাদমেলৰ পিছতেই আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ সংগঠনটোৱে জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাকে ধৰি বিভিন্ন সমস্যাৰ সমাধান দাবীত সাংসদ গৌৰৱ গগৈ, সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী কেশৱ মহন্তৰ পুতুলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd