ডিচেম্বৰৰ বনভোজ অথবা নৱবৰ্ষৰ উল্লাসৰ মাজতে আয়কৰ আৰু বিত্তীয় লেনদেন সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ কাম সম্পন্ন নকৰিলে আপুনি বিপদত পৰিব পাৰে। অহা ৩১ ডিচেম্বৰৰ ভিতৰত যদি আপুনি আপোনাৰ আয়কৰ আৰু বেংকিং সম্পৰ্কীয় কেতবোৰ জৰুৰী কাম সম্পূৰ্ণ নকৰে, তেন্তে নতুন বছৰৰ আৰম্ভণিতে আপুনি আইনী মেৰপাক আৰু আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে।
আপোনাৰ বাবে অনিবাৰ্য হৈ পৰা ৫ টা গুৰুত্বপূৰ্ণ কামসমূহ তলত উল্লেখ কৰা হ’ল:
১. বিলম্বিত আইটিআৰ ফাইল কৰাৰ অন্তিম সুযোগ
যিসকল কৰদাতাই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে এতিয়ালৈকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাই, তেওঁলোকৰ বাবে ৩১ ডিচেম্বৰেই হ’ল অন্তিম দিন। আয়কৰ আইনৰ ধাৰা ১৩৯(৪)ৰ অধীনত এই সময়ছোৱাত ‘বিলম্বিত ৰিটাৰ্ণ’ (Belated Return) দাখিল কৰিব পাৰিব। এই তাৰিখ পাৰ হৈ গ’লে আপুনি চলিত বৰ্ষৰ বাবে ৰিটাৰ্ণ দাখিল কৰাৰ সুযোগ চিৰদিনৰ বাবে হেৰুৱাব পাৰে।
২. ভুল শুধৰণিৰ বাবে ‘সংশোধিত ৰিটাৰ্ণ’
যদি আপুনি ইতিমধ্যে আইটিআৰ দাখিল কৰিছে কিন্তু তাত আয়, বেংক একাউণ্ট বা অন্য কিবা তথ্যৰ ভুল ৰৈ গৈছে, তেন্তে আপুনি ৩১ ডিচেম্বৰৰ ভিতৰত ‘সংশোধিত ৰিটাৰ্ণ’ দাখিল কৰিব পাৰিব। মনত ৰাখিব, যদি এই সংশোধনীৰ ফলত আপোনাৰ অতিৰিক্ত কৰ দিবলগীয়া হয়, তেন্তে ২৫%ৰ পৰা ৫০% পৰ্যন্ত অতিৰিক্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।
৩. জৰিমনাৰ বোজা
সময়মতে আয়কৰ ৰিটাৰ্ণ দাখিল নকৰিলে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। যদি আপোনাৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ বেছি, তেন্তে ৫,০০০ টকা জৰিমনা ভৰিব লাগিব। ক্ষুদ্ৰ কৰদাতাসকলৰ বাবেও ১,০০০ টকা পৰ্যন্ত জৰিমনা ধাৰ্য কৰা হৈছে। ইয়াৰ লগত জৰিমনাৰ উপৰিও বাকী থকা কৰৰ ওপৰত মাহিলি সুত ভৰিব লাগিব।
৪. পান আৰু আধাৰ সংযোগ পৰীক্ষা
৩১ ডিচেম্বৰৰ ভিতৰত আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ সংযোগ হৈ আছেনে নাই সেয়া নিশ্চিত কৰক। যদি সংযোগ হোৱা নাই, তেন্তে আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব পাৰে, যাৰ ফলত বেংকিং লেনদেনত বাধা আহিব। ইয়াৰ লগতে উচ্চ হাৰত টিডিএছ কাটিবলৈ আৰম্ভ কৰিব।
৫. বেংক একাউণ্টৰ KYC নবীকৰণ
বহু বেংকে বৰ্ষান্তৰ পূৰ্বে গ্ৰাহকসকলক কেৱাইচি আপডেট কৰিবলৈ নিৰ্দেশ দিছে। ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰ, পান আৰু শেহতীয়া ফটো দি বেংকৰ কাম সম্পূৰ্ণ নকৰিলে আপোনাৰ একাউণ্ট স্থবিৰ হৈ পৰাৰ সম্ভাৱনা থাকে।





