• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 1, 2025 6:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহিৰাগতৰ প্ৰেমত গদ গদ হোৱা ৰাজ্য চৰকাৰে অৱশেষত গোলাঘাটটো আদৰিলে ৰামদেৱক। ১৯৫৮চনত প্ৰতিষ্ঠা হোৱা গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ ফলঙনি চৰকাৰী বীজ পামৰ ৭০বিঘা মাটিত পাম অইলৰ নাৰ্চাৰীৰ বাবে চৰকাৰে অনুমোদন দিলে।  মাৰাত্মক আৰু প্ৰকৃতিৰ লগতে জীৱকুললৈ সৰ্বনাশ মাতি অনা পাম খেতি কৰাত উদগনি যোগাইছে হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰে। বাবা ৰামদেৱৰ লগতে অন্য পুঁজিপতি বণিয়াক সুখী কৰিবলৈকে অসমৰ বন-পৰিৱেশ-জীৱকুললৈ নমাই আনিব নেকি ভয়ংকৰ বিপদঘন্টা?

কৃষিমন্ত্ৰী অতুল বৰাৰ এই কৰ্মকাণ্ডৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিণ্টু গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  কয় যে, অসমৰ থলুৱা মানুহৰ মাটি, কৃষকৰ মাটি বণিয়াক গতাই দিয়াৰ কাৰ্য কোনো কাৰণতে মানি নলয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে! পাম অইল খেতিৰ বাবে পতঞ্জলিৰ প্ৰলোভন আৰু মিছা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ ফলঙনি অঞ্চলৰ ৰাইজক আহ্বান ছাত্ৰ মুক্তিৰ

Apply Now

উল্লেখ্য যে, অসমত পাম অইল খেতিয়ে জলবায়ুৰ পৰিৱৰ্তনত প্ৰভাৱ পেলোৱাৰ শংকাত বিভিন্ন দল-সংগঠন, একাংশ পৰিৱেশকৰ্মীয়ে বিৰোধীতা কৰি আহিছে। মাল‌য়এচিয়া, ইন্দোনেছিয়া, শ্ৰীলংকা আদি দেশে পাম অইল খেতিৰ ভয়াবহতা সম্পৰ্ক জ্ঞাত হৈ খেতি কমাই আনিছে। তেনেস্থলত অসম চৰকাৰে কিয় অসমৰ জলবায়ুৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা পাম অইল খেতিৰ বাবে ৰামদেৱক ৰঙা দলিচা পাৰি দিছে সেয়া অতি পৰিতাপৰ কথা।  সম্প্ৰতি উৎকট গৰমে যেনেকৈ দহিছে ৰাজ্যবাসীক অনাগত দিনবোৰ যে আৰু ভয়ানক হৈ উঠিব তাক এতিয়াই অনুমান কৰিব পাৰি।  পাম অইলৰ খেতি‌য়ে উক্ত অঞ্চলটোত ভূ-গৰ্ভৰ পানী শুকোৱাই পেলায়। ইতিমধ্যে বিশেষজ্ঞসকলে পাম খেতিৰ কু-প্ৰভাৱ সম্পৰ্কত বিভিন্ন সময়ত মত প্ৰকাশ কৰি আহিছে। চৰকাৰে যদিহে সময় থাকোঁতেই পাম অইলৰ খেতি অসমত কৰা বন্ধ নকৰে এদিন অসম মৰুভূমিত পৰিণত হব। এটা কথা ভাবিবলগীয়া নহয় নে দেশে-বিদেশে নিষিদ্ধ এই পাম খেতি কেনেকৈ অসমত বৈধ হ’ল? মন কৰিব গোৱালপাৰাৰ কৃষ্ণাইৰ কৃষক নবীৰ হুছেইনৰ লগতে আগিয়াৰ একাংশ কৃষকে প্ৰায় ৫০০ জোপা তৈল খেজুৰ বা পাম অইল কাটি পেলাইছিল। কিয়নো তৈল খেজুৰ কোপন কৰাৰ কাষত লাও জিকা ভোল একো খেতিয়েই নোহোৱা হৈ পৰিল। লগতে ২০২৩ চনত গোৱালপাৰাৰ কৃষ্ণাইৰ নবীৰ হুছেইনৰ ২০ শালি খেতিৰ পথাৰ চন পৰি ৰৈছিল এই তৈল খেজুৰৰ বাবে। চৰকাৰে এই তৈল খেজুৰ অতি লাভজনক বুলি ক’লেও তৈল খেজুৰৰ খেতি কৰি ৬ টকা প্ৰতি কিল’গ্ৰামত আৰু এক কুইন্টলত ৬০০ টকা লাভ কৰিছিল গোৱালপাৰাৰ কৃষক নবীৰ হুছেইনে। এইবোৰ কথাই হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ চকু মেল খোৱাব নে? নে বাবা ৰামদেৱক সন্তুষ্ট কৰিবলৈকে অসমৰ ৰাইজলৈ নমাই আনিব নেকি ভয়াবহ ভৱিষ্যত?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd