NORTHEAST NOW (Assamese)

৮ টকা খৰচ কৰিয়েই ১০০ কিলোমিটাৰ ভ্ৰমণ কৰিব পাৰিব এই বাইকেৰে, নালাগে লাইচেন্সো

September 7, 2020 11:27 am · এন ই নাও নিউজ
Updated: September 7, 2020 11:28 am

মাত্ৰ ৮ ৰ পৰা ১০ টকা খৰচ কৰিয়েই এতিয়া সুকলমে যাত্ৰা কৰিব পৰা এখন বাইক মুকলি কৰা হৈছে দেশৰ বজাৰত।

এই বাইক খনৰ বিশেষত্ব এয়াই যে বাইক খন চলাবলৈ আপোনাক প্ৰয়োজন নহয় কোনো লাইচেন্সৰো।

হায়দৰাবাদৰ এটা কোম্পানীয়ে সাজি উলিওৱা এই বাইক খন চলিবলৈ নালাগে পেট্ৰলো।

বৈদ্যুতিক শক্তিৰে চালিত বাইক খন চালাবলৈ বাইক খনৰ বেটাৰীটো কমেও ৪ ঘণ্টা সময় ছাৰ্জ দিব লাগিব।

ছাৰ্জ দিওতে খৰচ হ’ব প্ৰায় ১ ইউনিট বিদ্যুৎ। অৰ্থাৎ প্ৰায় ৮-১০ টকা মূল্যৰ বিদ্যুৎ খৰচ কৰিয়েই বাইক খনৰ বেটাৰী ছাৰ্জ দিব পৰা যাব।

বেটাৰী সম্পূৰ্ণকৈ ছাৰ্জ হোৱাৰ পিছত আপুনি ১০০ কিলোমিটাৰলৈকে একেৰাহে যাত্ৰা কৰিব পাৰিব।

Atum 1.0 নামৰ এই বাইক খন যিহেতু ইলেক্ট্ৰিক বাইক সেয়ে ইয়াক চলাবলৈ কোনো লাইচেন্সেৰো প্ৰয়োজন নহ’ব।

বাইক খনৰ মূল্যও সাধাৰণ মানুহে বহন কৰিব পৰা ধৰণৰ।

৫০ হাজাৰ টকাৰেই ক্ৰয় কৰিব পৰা যাব এই বাইক খন। ইতিমধ্যে ইণ্টাৰনেছনেল চেণ্টাৰ ফৰ অটোমেটিভ টেকন’ল’জিয়ে এই বাইক খনত অনুমোদন জনাইছে।

বাইক খন দেশৰ যিকোনো স্থানৰ পৰাই অনলাইনৰ জৰিয়তেও ক্ৰয় কৰিব পৰা যাব।

Related News