চৰকাৰে বিএছএনএলক মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে : এ ইউ এ বি

ৰিলায়েঞ্চ জিঅ'ৰ দৰে ব্যক্তিগত খণ্ডৰ ম’বাইল কোম্পানীৰ লগত গোপন বুজাবুজি কৰাৰ অভিযোগ

c9d14ad9-e14c-4055-b0f2-ed800557ffcb

নগাঁবত এ ইউ এ বিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

”দেশজুৰি ৰিলায়েঞ্চ জিঅ’ কোম্পানীৰ ম’বাইল প্ৰৱৰ্তন কৰি ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডে চমুকৈ বি এছ এন এলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে বি এছ এন এলক শক্তিশালী নেটৱৰ্ক কোম্পানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চুড়ান্তভাবে গাফিলতি কৰিছে। তাৰে বহি:প্ৰকাশ স্বৰূপে নতুনকৈ অসমত কেবা বছৰ ধৰি কোনো টাৱাৰ সংস্থাপন কৰা নাই অথচ ইয়াৰ বাবে কোনো নিবিদাৰ আহ্বানো কৰা নাই।”- এই গুৰুতৰ অভিযোগ অল ইণ্ডিয়া ইউনিয়ন এণ্ড এছ’চিয়েচন অৱ বি এছ এন এল (এ ইউ এ বি)ৰ নগাঁও জিলা সমিতিৰ।

সোমবাৰে বি এছএন এলৰ নগাঁৱৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দেৱাশীষ মজুমদাৰে কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগে ব্যক্তিগত খণ্ডৰ ম’বাইল নেটৱৰ্ক কোম্পানীসমূহৰ লগত গোপন বুজাবুজি থকাৰ কথা ব্যক্ত কৰি কয় যে বি এছ এন এলক শক্তিশালী কৰাৰ বিপৰীতে এয়াৰটেল কোম্পানীক ৮০ হাজাৰ কোটি আৰু আইডিয়া টেলিকম কোম্পানীক ৬০ হাজাৰ কোটি টকাৰ ঋণ দিছে।

তেওঁ কয়, ‘’এইদৰে চৰকাৰে নিজৰ টেলিকম কোম্পানীটোক এলাগী কৰি ৰিলায়েঞ্চ জিঅ’ৰ দৰে আন ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক শক্তিশালী কৰাৰ চেষ্টা চলাই দেশৰ ১.৮৫ কোটি বিষয়া-কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।‘’

মজুমদাৰে লগতে কয়, ‘’চৰকাৰী খণ্ডৰ ১৮ বছৰ পুৰণি প্ৰথমটো ম’বাইল নেৰ্কৱট কোম্পানী বি এছ এন এলৰ বিষয়া-কৰ্মচাৰী ইমানেই তললৈ নামিব লগা হৈছে যে এতিয়া এচ ডি অ’, জে টি অ’ৰ দৰে বিষয়াসকলে পথৰ ভিক্ষাৰীৰ দৰে ৰাস্তাৰ কাষে কাষে ছিম কাৰ্ড বেচিব লগা হৈছে।‘’

সংবাদ মেলখনত সংগঠনটোৰ কেন্দ্ৰীয় সদস্য আৰ কে মাহেলিকাই কয় যে বহুদিন ধৰি চৰকাৰে বি এছ এন এলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ বকেয়াৰ বাবদ ৬ হাজাৰ কোটি টকা প্ৰদান কৰিব পৰা নাই। আনকি, কৰ্মৰত বিষয়া-কৰ্মচাৰীক বৰ্দ্ধিত হাৰৰ ৩০ শতাংশ ধন দিবলৈ সক্ষম হোৱা নাই। অচিৰেই এই সমস্যা সমূহৰ সমাধান নকৰিলে দেশজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে।

উক্ত সংবাদ মেলত সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তা ক্ৰমে সুমিত কুমাৰ ঘোষ, কে এম হাজৰিকা, শ্যাম শ্ৰীবাস্তৱ, সুশীল ৰায় আদিকে ধৰি বহু কেইগৰাকী নেতৃবৰ্গ‌ উপস্থিত থাকে।