NORTHEAST NOW (Assamese)

মাধুৰীক লৈ পাঠশালাত উছাহৰ বন্যা : প্রস্তুতিৰ দুর্দান্ত অভিনয়ত মোহাচ্ছন্ন দৰ্শক

August 24, 2018 12:52 pm · শশাংক তালুকদাৰ
মাধুৰী মোৰ নাম উপভোগ কৰি মোহাচ্ছন্ন দৰ্শক। ফটো : নৰ্থইষ্ট নাও

সম্প্রতি ‘মাধুৰী মোৰ নাম’ক লৈ সমগ্র বজালী অঞ্চলত উঠিছে উছাহৰ বন্যা। প্রস্তুতি পৰাশৰৰ দুর্দান্ত ৰূপত পুনৰ মোহাচ্ছন্ন হ’ল ভ্রাম্যমাণৰ দর্শক। উৎকট গৰম। হাতত শীতল পানী আৰু বিচনী লৈ আৱাহনৰ প্রেক্ষাগৃহত অগণন দর্শক। সন্মুখত অভিজিত ভট্টাচাৰ্যৰ ‘মাধুৰী মোৰ নাম’।

দৃশ্যাংশৰ মাজে মাজে দর্শকৰ হাত চাপৰি। তাৰ বাহিৰে প্রেক্ষাগৃহত টু’ শব্দ এটাও নাই। বিমুগ্ধ নয়নে দর্শকে পান কৰিছে প্রস্তুতিৰ সেই মোহনীয় অভিনয়। ক্ষণিকৰ বাবে দর্শকে পাহৰি গৈছে প্রচণ্ড গৰমৰ কথা। ঘামত তিতি গৈছে দর্শকৰ শৰীৰ। এয়া পাঠশালাৰ কথা।

অন্য ৰূপত এইবাৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ।

চর্চাত আছিল এই বৰ্ষৰ আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মাধুৰী মোৰ নাম’ নাটখন। চৰ্চাৰ পম খেদি দর্শক উপৱিষ্ট হৈছিল প্রেক্ষাগৃহৰ আসনত। সাম্প্রতিক সময়ৰ এক গুৰুত্বপূর্ণ স্পর্শকাতৰ বিষয়কলৈ ৰচনা কৰা ‘মাধুৰী মোৰ নাম’ নাটখনৰ কাহিনীয়ে যেন দর্শকক বহু কথাই শিকালে।

যোৱা বৰ্ষৰ ‘মই মাৰ ছোৱালী’ নাটখনে সমগ্ৰ ৰাজ্যত সৃষ্টি কৰা জনপ্রিয়তাৰ ঢৌ মাৰ নৌযাওতেই যে আৱাহনৰ মঞ্চত সৃষ্টি হ’ল জনপ্রিয়তাৰ আন এক চুনামি। যি চুনামিত উটি ভাহি ফুৰিল ভ্রাম্যমাণৰ হেজাৰ হেজাৰ দর্শক। কি অভিনয়, কি টেকনিক। কি নাচ-গান কি ছেট ডিজাইন। সকলোতে যেন এক যাদুকৰী স্পর্শ।

এটা নহয়, দুটা গেট আপত প্রস্তুতিয়ে কৰা মর্মস্পর্শী অভিনয়ে এক আলোড়ন সৃষ্টি কৰিলে পাঠশালাত। সমগ্ৰ বজালী অঞ্চলত এতিয়া মাথোঁ মাধুৰী আৰু মাধুৰী। প্রস্তুতিৰ এই অদমনীয় অভিনয়ত তেওঁক সহায় কৰিলে জেফি বক্সি, জয়ন্ত দাস, বিপুল বৰা, প্রয়াসী পৰাশৰ, মৃণালদ্বীপ গোস্বামী, ৰিতুৰাজ মহন্তৰ লেখিয়া ভ্রাম্যমাণৰ কিছু প্রতিভাসম্পন্ন শিল্পীয়ে।

নাটখনৰ জনপ্রিয়তাত ইন্ধন যোগাইছে অজয় ফুকনে সংগীতেৰে সজোৱা ‘ক’ত মোৰ মা’ শীর্ষক জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটিয়েও।

Related News