পোহৰলৈ আহিল পিএম-কেয়াৰ্ছৰ ‘অডিট ৰিপ’ৰ্ট’; এবছৰত সংগ্ৰহ ১১হাজাৰ কোটি, ক’ত কৰিলে খৰচ?

index-1.jpgaaa-1-750x375

কোভিড-১৯অতিমাৰী আৰম্ভ হোৱাৰ সময়তে ২০২০ চনত গঠন কৰা পিএম কেয়াৰ্ছ ফাণ্ডত প্ৰথম বছৰতে ১১হাজাৰ কোটি টকা জমা হৈছিল। ২০২০চনৰ মাৰ্চ মাহৰ পৰা ২০২১চনৰ মাৰ্চ মাহলৈকে মুঠ ১০হাজাৰ ৯৯০কোটি টকা জমা হৈছিল এই পুঁজিত।

সোমবাৰে এই পুঁজিৰ ৱেবছাইটত প’ষ্ট কৰা অডিট ষ্টেটমেন্টত এই তথ্যসমূহ দাঙি ধৰা হৈছে।

তথ্য মতে এই পুঁজিৰ পৰা ৩৯৬৭কোটি টকা অৰ্থাৎ মুঠ পুঁজিৰ ৩৬.১৭ শতাংশ বিভিন্ন সাহায্য তথা প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হৈছে।

কোভিড-১৯ অতিমাৰীৰ দৰে জৰুৰী পৰিস্থিতিত অনুদান সংগ্ৰহৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এই পুঁজি আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী পদত থকা নৰেন্দ্ৰ মোদীয়েই এই পুঁজিৰ চেয়াৰপাৰ্ছন।

লগতে পঢ়ক: সৰুপথাৰত গ্ৰেপ্তাৰ সন্দেহযুক্ত চোৰাং চিকাৰী

এই পুঁজিৰ সমস্ত ধন সম্পূৰ্ণৰূপে আয়কৰমুক্ত। ইয়াৰ মাজতে প্ৰকাশ পোৱা অডিট ৰিৰপ’ৰ্টত দেখুওৱা হৈছে যে গঠন কৰাৰ প্ৰথমটো বছৰৰ পাছত পুঁজিত ৭ হাজাৰ ১৪কোটি টকা অব্যৱহৃত হৈ পৰি আছিল।

আনহাতে, এই পুঁজিৰ পৰা খৰচ কৰা ধনৰ ভিতৰত আটাইতকৈ বেছি খৰচ কৰা হৈছে কোভিড ভেকচিনৰ ড’জ সংগ্ৰহত। ভেকচিন ক্ৰয়ৰ শিতানত খৰচ কৰা হৈছে ১৩৯২কোটি অৰ্থাৎ ৩৫শতাংশ ধন। এই টকাৰে কোভিড ভেকচিনৰ ৬৬মিলিয়ন ড’জ ক্ৰয় কৰা হৈছে।

সেইদৰে, মুঠ ১৩১১কোটি টকা অৰ্থাৎ ৩৩শতাংশ খৰচ কৰি ক্ৰয় কৰা হৈছে ‘মেড ইন ইণ্ডিয়া’ ভেন্টিলেটৰ’।

তদুপৰি, দেশবাসীৰ কল্যাণৰ নামত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ১০০০কোটি টকা বিতৰণ কৰা হৈছে।

লগতে পঢ়ক: বৰপেটাৰ বৰবিলাত পথ দুৰ্ঘটনাত মাতৃ-কন্যাৰ কৰুণ মৃত্যু

ষ্টেটমেন্ট অনুসৰি প্ৰেচাৰ ছুইং এবছৰ্পশ্যন মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লেন্ট ইনষ্টল কৰিবলৈ আন ২০১কোটি টকা এই পুঁজিৰ পৰা খৰচ কৰা হৈছিল। সেইদৰে, ৯খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ১৬টা আৰটি-পিচিআৰ টেষ্টিং লেব স্থাপনৰ লগতে মুজাফৰপুৰ আৰু পাটনাত দখন ৫০০ বিছনাযুক্ত অস্থয়ী কোভিড হাস্পাতাল স্থাপনত ৫০কোটি টকা খৰচ কৰা হৈছে।

আনহাতে, বায়’টেকন’লজি বিভাগৰ অধীনত দুখন স্বায়ত্তশাসিত ইনষ্টিটিউট লেবেৰটৰীক দিয়া হৈছিল ২০কোটি টকা।

লগতে পঢ়ক:পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ভূমিষ্ঠ হৈয়ে লপা-থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়নৰ নেৰ্তৃবৰ্গই

এই পুঁজিৰ ৱেবছাইটত আপলোড কৰা জমা-খৰচৰ হিচাপত পিএম-কেয়াৰ্ছৰ ফাণ্ডৰ সম্পৰ্কত এই তথ্যবোৰ পোৱা গৈছে।