NORTHEAST NOW (Assamese)

‍‘গুজৰাট সাহিত্য একাডেমি’ বঁটাৰে সন্মানিত হ’ল লেখিকা মৌচুমী কলিতা চছদেৱা

August 18, 2020 3:30 pm · এন ই নাও নিউজ

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা গুজৰাট সাহিত্য একাডেমি বঁটাৰে সন্মানিত হৈছে দিল্লীত বসবাস কৰা অসমৰ লেখিকা মৌচুমী কলিতা চছদেৱাই।

বছৰ বছৰ ধৰি বিশ্ব সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেই মৌচুমী কলিতাক এই বঁটা প্ৰদান কৰা হৈছে।

গুজৰাট সাহিত্য একাডেমিয়ে গ্ল’বেল লিটাৰেছাৰ ফৰাম মতিভেশ্যনেল ষ্ট্ৰিপছৰ সহযোগত এই বঁটাটি প্ৰদান কৰিছে।

‘এনেধৰণৰ স্বীকৃতি প্ৰাপ্ত আৰু প্ৰামাণিক পুৰস্কাৰ লেখৰ বাবে আশীৰ্বাদস্বৰূপ’, নৰ্থ-ইষ্ট নাওৰ সৈতে কথা বতৰাত এইদৰে কয় লেখিকা মৌচুমী কলিতাই।

তেওঁ লগতে কয়, ‍‘ইমান সোনকালে এইধৰণৰ সন্মান লাভ কৰিম বুলি মই কেতিয়াও ভবা নাছিলো, মই সুখী যে মোৰ প্ৰচেষ্টাই সাৰ্থক ৰূপ পাইছে’।

উল্লেখ্য মৌচুমী কলিতাক বঁটা প্ৰদান কৰে পদ্মশ্ৰী ড০ বিষ্ণু পাণ্ডিয়া আৰু মতিভেশ্যনেল ষ্ট্ৰিপছৰ প্ৰতিষ্ঠাপক চিজু এইচ পল্লিথআজহেথ।

উল্লেখ্য যে মৌচুমীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ আৰু শিক্ষকতা প্ৰদান কৰিছে। তেওঁ বাতৰিকাত, মেগাজিন আদিৰ জৰিয়তে নিজকে লেখিকাৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাখনো কিতাপ তথা সংকলণৰ সম্পাদনা কৰিছে।

মৌচুমী কলিতাৰ কেইখনমান উল্লেখণীয় গ্ৰন্থ হ’ল, লকডাউন ষ্টৰিছ (দুটা পাৰ্ট), দ্যা প্ৰাইড অফ বিং ডিফাৰেণ্ট, লাভ ৰিমেইনছ আ:ডিফাইনড, মেকিং ইমপ’ছিবল প’ছিবল আদি।

Related News