• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শান্তিৰ বাবে দিয়া বাৰ্তাহে লুকুৱাই ৰাখিলে কৰ্তৃপক্ষই, উচ্চতম ন্যায়ালয়ত সোণম ৱাংচুকৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2026 9:16 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ৰাজ্যত্ব আৰু বিশেষ সাংবিধানিক সুৰক্ষাৰ দাবীত আন্দোলন কৰি অহা প্ৰখ্যাত জলবায়ু কৰ্মী সোণম ৱাংচুকে এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁ আদালতক জনাইছে যে তেওঁক আটক কৰাৰ আঁৰত চৰকাৰী পক্ষৰ গভীৰ কু-অভিপ্ৰায় লুকাই আছিল। তেওঁৰ অভিযোগ অনুসৰি, লাডাখত হোৱা প্ৰতিবাদৰ সময়ত যেতিয়া হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেতিয়া তেওঁ ৰাইজক শান্তি বজাই ৰাখিবলৈ বাৰে বাৰে আহ্বান জনাইছিল। কিন্তু স্থানীয় কৰ্তৃপক্ষই তেওঁৰ সেই শান্তিৰ বাৰ্তাসমূহ ইচ্ছাকৃতভাৱে লুকুৱাই ৰাখিছিল যাতে তেওঁক দোষী সজাই আটক কৰিব পৰা যায়। বিশেষকৈ তেওঁৰ ভিডিঅ’ বাৰ্তাসমূহ আটক কৰা কৰ্তৃপক্ষৰ পৰা আঁতৰাই ৰখা হৈছিল বুলি তেওঁ আদালতত দাখিল কৰা আবেদনত উল্লেখ কৰিছে।

যোৱা ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰি ৰাজস্থানৰ যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁৰ মুক্তিৰ দাবীত জনোৱা আৱেদনৰ শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দৰ্শায় যে ৱাংচুকৰ শান্তিৰ বাৰ্তাক ভুলকৈ হিংসাৰ উচতনি হিচাপে ব্যাখ্যা কৰা হৈছে। ছিবালে আদালতত ৱাংচুকৰ সেই ভিডিঅ’সমূহ পৰিৱেশন কৰে যিবোৰ স্থানীয় কৰ্তৃপক্ষই সঠিক সময়ত ডিটেইনিং কৰ্তৃপক্ষক যোগান ধৰা নাছিল। তেওঁৰ মতে, বন্দী এজনৰ সপক্ষে থকা তথ্যবোৰ লুকুৱাই ৰখা কাৰ্যই স্পষ্ট কৰে যে এই আটকৰ আদেশ আছিল উদ্দেশ্যপ্ৰণোদিত।

Apply Now

ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱেও এই বিষয়ত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, লাডাখৰ বাবে গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিত ৱাংচুকৰ উপস্থিতি চৰকাৰৰ একাংশই সহ্য কৰিব পৰা নাছিল। বিশেষকৈ ২০২৫ চনৰ অক্টোবৰত হ’বলগীয়া লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ আগে আগে ৱাংচুকক লক্ষ্য কৰি লোৱা হৈছিল। কাৰণ ৱাংচুকে ২০২০ চনৰ নিৰ্বাচনত চৰকাৰে দিয়া ষষ্ঠ অনুসূচীৰ প্ৰতিশ্ৰুতি পূৰণৰ কথা সোঁৱৰাই দিছিল। ইয়াৰ পৰিণতিতে ২০২৫ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ পৰা তেওঁৰ বিভিন্ন প্ৰতিষ্ঠানৰ বিৰুদ্ধে চিবিআই তদন্ত, ভূমি পট্টা বাতিল আৰু আয়কৰৰ চমন আদিৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

আদালতত দাখিল কৰা যুক্তি অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ নিয়ম উলংঘা কৰি ৱাংচুকক তেওঁৰ আটকৰ কাৰণসমূহ জনোৱাত ২৮ দিন পলম কৰা হৈছিল। নিয়ম অনুসৰি আটক কৰাৰ ১০ দিনৰ ভিতৰত সকলো তথ্য দিব লাগে যদিও ৱাংচুকৰ ক্ষেত্ৰত সেয়া কৰা নহ’ল। তেওঁৰ বিৰুদ্ধে অনা অভিযোগৰ মূল ভিত্তি হিচাপে ব্যৱহাৰ কৰা ভিডিঅ’সমূহ পৰামৰ্শদাতা ব’ৰ্ডৰ শুনানিৰ মাত্ৰ এদিন আগতহে তেওঁক যোগান ধৰা হৈছিল। এই সকলোবোৰ তথ্যলৈ চাই ৱাংচুকৰ পক্ষই দাবী কৰিছে যে দণ্ডাধীশৰ সিদ্ধান্ত কোনো স্বতন্ত্ৰ বিচাৰৰ ওপৰত নহয়, বৰঞ্চ এক বিশেষ হেঁচাৰতহে গ্ৰহণ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ১২ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd