পুঠিমাৰী মহাবিদ্যালত এ বি ভি পি-এন এছ য়ু আই সমৰ্থকৰ তাণ্ডৱ; অপদস্থ শিক্ষক-শিক্ষয়িত্ৰী

Puthimari College

পুঠিমাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি আজি মহাবিদ্যালয়খনত এ বি ভি পি আৰু এন এছ য়ু আইৰ একাংশ সমৰ্থকে মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীকো অপদস্থ কৰে।

উল্লেখযোগ্য যে, যোৱা শনিবাৰে পুঠিমাৰী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এক সূত্ৰৰ পৰা জানিব পৰা মতে উক্ত নিৰ্বাচনৰ সাধাৰণ সম্পাদকৰ পদত আছু সমৰ্থিত প্ৰাৰ্থী চাণক্য কলিতা এ বি ভি পি আৰু এন এছ য়ু আইৰ সমৰ্থিত প্ৰাৰ্থী প্ৰাৰ্থী পল্লৱ কলিতাতকৈ ৩ টা ভোটত জয়ী হৈছিল।

কিন্তু নিৰ্বাচনী ফলাফল মানি নলৈ কিছুসংখ্যক এন এছ য়ু আই আৰু এ বি ভি পিৰ সমৰ্থকে পল্লৱৰ সমৰ্থনত পুনৰ ভোট গণনা কৰাৰ দাবী জনাই মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ইয়াতে ক্ষান্ত নাথাকি তেওঁলোকে ভোট গণনাৰ সৈতে জৰিত থকা অধ্যক্ষকে মূখ্য কৰি অধ্যাপক-অধ্যাপিকাসকলক মহাবিদ্যালয়ৰ চৌহদতে আবদ্ধ কৰি ৰাখি মহাবিদ্যালয়ৰ মুখ্য প্ৰবেশদ্বাৰত থকা গেটখন বন্ধ কৰি দিয়ে বুলি এক সূত্ৰই জানিবলৈ দিয়ে।

সূত্ৰটোৰ মতে, উদণ্ড ছাত্ৰ কেইগৰাকীমান মহাবিদ্যালয়ৰ গেটেৰে প্ৰবেশ কৰি অধ্যক্ষৰ কাৰ্য্যালয়ত থকা অধ্যাপক-অধ্যাপিকাসকলক আক্ৰমণ কৰিবৰ বাবে দৰ্জা-খিৰিকি ভাঙিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে, পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অধ্যক্ষই ফোনযোগে আৰক্ষীক খবৰ দিয়াত মহাবিদ্যালয়খনত চি আৰ পি এফ জোৱান মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰন কৰে।

ইফালে উত্তেজিত ছাত্ৰসকলে চিৰাজুদ্দিন আহমেদ নামৰ অধ্যাপকগৰাকীয়ে এজন ছাত্ৰক প্ৰহাৰ কৰা বুলি অভিযোগ তোলে যদিও অধ্যাপকগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজিৰ এই অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই অহা সোমবাৰে সাধাৰণ সম্পাদকৰ পদৰ প্ৰাৰ্থী দুগৰাকীৰ ভোটগণনা পুনৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে কমলপুৰ আৰক্ষীয়ে বেলট বাকচ দুটা জব্দ কৰি থানালৈ লৈ যায়।