৮ ফেব্ৰুৱাৰিত ছবিগৃহলৈ আহিব ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে’’

abdul-768x512

কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰি বিদ্যুৎ কটকীৰ ‘শৈশৱতে ধেমালিতে’ চলচ্চিত্ৰখনে সন্মান বুটলিবলৈ সক্ষম হৈছে। ছবিখনে পেনছিলভেনিয়াত অনুষ্ঠিত আ্যাৰি আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  শ্ৰেষ্ঠ বৰ্ণনাত্মক কাহিনী চিত্ৰৰ সন্মান লাভ কৰে। চলচ্চিত্ৰখনে আগন্তুক নৱবৰ্ষত ফেব্ৰুৱাৰিৰ ৮ তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব।

আনহাতে, মুম্বাইত থকা অসমীয়া চলচ্চিত্ৰ পৰিচালক বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা ‘শৈশৱতে ধেমালিতে’ (ৰেইনব’ ফিল্ডছ)ই যোৱা আগষ্ট মাহত আমেৰিকাৰ ট্ৰেজাৰ ক’ষ্ট আন্তঃৰাষ্ট্ৰীয়  চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল।

তদুপৰি, চলিত বৰ্ষৰ জুলাইত লছ এঞ্জেলছত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা  বঁটা লাভ কৰিছিল। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাৰ উপৰি ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সংগীতৰ বঁটা।

চলচ্চিত্ৰখনৰ অভিনেত্ৰী দীপান্বিতা শৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰী আৰু সংগীত প্ৰদান কৰা অনুৰাগ শইকীয়াই শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰিছিল। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনত ৩৬খন দেশৰ ১৫০খনৰো অধিক চলচ্চিত্ৰই অংশগ্ৰহণ কৰিছিল।

হিংসাজৰ্জৰ সময়ত ডাঙৰ-দীঘল হোৱা আৰু চৌদিশে নৃশংসতা প্ৰত্যক্ষ কৰা অসমৰ শিশুসকলৰ পৰিস্থিতিৰ চিত্ৰণেৰে এটা স্পৰ্শকাতৰ বিষয় পৰিচালক বিদ্যুৎ কটকীয়ে এই ‘শৈশৱতে ধেমালিতে’ ছবিখনত দাঙি ধৰিছে।

ইয়াৰ আগেয়ে আমেৰিকাত ‘শৈশৱতে ধেমালিতে’ ছবিখনৰ বাণিজ্যিক মুক্তি দিয়া হৈছিল। আমেৰিকাত মুক্তি পোৱা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ হিচাপে বিবেচিত হৈছে।

অসমৰ বাস্তৱ ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত ভিক্টৰ বেনাৰ্জী, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী, নিকুমণি বৰুৱাকে ধৰি কেবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।