NORTHEAST NOW (Assamese)

নগাঁৱত ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইনৰ ওপৰত সজাগতা সভা

August 29, 2018 9:02 pm · মিণ্টু দাস

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি নগাঁৱৰ আইন সেৱা প্ৰাধিকাৰীৰ সভাকক্ষত ৰেগিঙৰ ভয়াৱহতা তথা ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত নগাঁও ছোৱালী মহাবিদ্যালয়, হাতীচোং মহাবিদ্যালয়, বটদ্ৰৱা মহাবিদ্যালয় আৰু লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰবক্তা তথা ছাত্র-ছাত্রীৰ লগতে কেইবাগৰাকী অধিবক্তা আৰু ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে।

সজাগতা সভাৰ আদৰণী ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে। বহু সময়ত ছাত্র-ছাত্রীৰ অজ্ঞতাৰ বাবেই ৰেগিঙৰ দৰে ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত তেওঁ কয় যে এনে অপসংস্কৃতিৰ দ্বাৰা একো একোগৰাকী ছাত্র-ছাত্রীৰ শিক্ষাজীৱন ধ্বংস হৈ পৰে।

তদুপৰি অধিবক্তা ক্ৰমে ৰূপালী গোস্বামী, মুকুল প্ৰসাদ বৰঠাকুৰ, শ্বাহনাজ চুলতানা উপস্থিত থাকি ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইন ২০০৭ আৰু এই আইনৰ অধীনত দোষী ছাত্র-ছাত্রীৰ ওপৰত হ’ব পৰা শাস্তিমূলক ব্যৱস্থা তথা ভাৰতীয় দণ্ডবিধি আইনৰ আওতাত থকা বিভিন্ন শাস্তিমূলক ব্যৱস্থা, ৰেগিং সন্দৰ্ভত ইউ জি চিৰ দ্বাৰা প্ৰনয়ণ কৰা নিয়মাৱলী তথা ৰেগিং প্ৰতিৰোধ সমিতি গঠন আৰু প্ৰক্ৰিয়াৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।

আজিৰ উক্ত সজাগতা সভাত নগাঁৱৰ অতিৰিক্ত জিলা ন্যায়াধীশ অনিল শৰ্মা, ন্যায়িক দণ্ডাধীশ সুৰজিৎ বৰুৱা আৰু ন্যায়িক দণ্ডাধীশ অভিজিৎ শইকীয়াই সমল ব্যক্তি হিচাপে যোগদান কৰে।

Related News