NORTHEAST NOW (Assamese)

নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে সজাগতা সভা : ক্ষতিগ্ৰস্ত লোকক টৰ্চলাইট-ফটকা বিতৰণ

December 24, 2018 8:15 am · দীপক কুমাৰ পাঠক
Updated: December 24, 2018 11:46 am

দেওবাৰে অৰ্থাৎ ২৩ ডিচেম্বৰত বাক্সা জিলা বন সংমণ্ডলৰ উদ্যোগত নাগ্ৰীজুলি আৰক্ষী চকী চৌহদত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।

সজাগতা সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ অধ্যক্ষ ইমানুৱেল মোছাহাৰীয়ে অংশ গ্ৰহণ কৰি কয় যে, ‘বন্যহস্তীৰ বিচৰণ ভূমি পাহাৰ অঞ্চলত গছ-বন কাটি বনধংস যজ্ঞ অব্যাহত ৰখাৰ উপৰিও এই অঞ্চলসমূহ জীৱ শ্ৰেষ্ঠ মানুহে বেদখল কৰি ৰাখিছে। ইয়াৰ পৰিণতিতে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলত আৰু ভাৰত -ভুটান সীমান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।’

বাক্সা জিলা বন সংমণ্ডল বিষয়া ভবেশ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত তথা তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিত কুমাৰ বাগলাৰীয়ে উদ্বোধন কৰা সভাখনত বিধায়ক গৰাকীয়ে পুনৰ কয় যে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে ভূটান সীমান্তত অবৈধ ভাবে গঢ়ি তোলা শিল-বালিৰ মহল।

তাৰোপৰি বিধায়ক গৰাকীয়ে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ হ’লে হাতীৰ কৰিড’ৰ সমূহ মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু জনাসাধাৰণ সচেতন হ’ব লাগিব বুলিও মন্তব্য কৰে।

প্ৰখ্যাত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সচিব ড০ বিভূতি লহকৰে সজাগতা সভাত অংশ গ্ৰহণ কৰি কয় যে খাদ্য সংকটত ভোগা বন্যহস্তীৰ বাবে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বৃক্ষ ৰোপণ কৰাৰ লগতে যি সমূহ অঞ্চলত হাতীৰ উপদ্ৰৱ বৃদ্ধি হৈছে সেই অঞ্চলত জনসাধাৰণে ধান আৰু কলৰ খেতিৰ বিকল্প হিচাপে নেমু, কপাহ আদিৰ খেতি কৰাৰ বাবে ব্যৱস্থা ল’ব লাগিব।

আনহাতে সজাগতা সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, তামুলপুৰ আৰু কুমাৰীকাটা বনাঞ্চালিক কাৰ্য্যালয়ৰ বিষয়া কেশৱ ব্ৰহ্ম আৰু জীৱন স্বৰ্গীয়াৰী, নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখল সিংহকে ধৰি তামুলপুৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুশ লোকে অংশ গ্ৰহণ কৰে। লগতো সজাগতা সভাতেই বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা বহু কেইখন গাঁৱৰ ৰাইজৰ মাজত উচ্চ ক্ষমতা সম্পন্ন টৰ্চ লাইট সহ ফটকা বিতৰণ কৰা হয়।

Related News