• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে সজাগতা সভা : ক্ষতিগ্ৰস্ত লোকক টৰ্চলাইট-ফটকা বিতৰণ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , December 24, 2018 11:46 am

2 min read

নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে সজাগতা সভা : ক্ষতিগ্ৰস্ত লোকক টৰ্চলাইট-ফটকা বিতৰণ
617
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে অৰ্থাৎ ২৩ ডিচেম্বৰত বাক্সা জিলা বন সংমণ্ডলৰ উদ্যোগত নাগ্ৰীজুলি আৰক্ষী চকী চৌহদত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।

সজাগতা সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ অধ্যক্ষ ইমানুৱেল মোছাহাৰীয়ে অংশ গ্ৰহণ কৰি কয় যে, ‘বন্যহস্তীৰ বিচৰণ ভূমি পাহাৰ অঞ্চলত গছ-বন কাটি বনধংস যজ্ঞ অব্যাহত ৰখাৰ উপৰিও এই অঞ্চলসমূহ জীৱ শ্ৰেষ্ঠ মানুহে বেদখল কৰি ৰাখিছে। ইয়াৰ পৰিণতিতে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলত আৰু ভাৰত -ভুটান সীমান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।’

বাক্সা জিলা বন সংমণ্ডল বিষয়া ভবেশ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত তথা তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিত কুমাৰ বাগলাৰীয়ে উদ্বোধন কৰা সভাখনত বিধায়ক গৰাকীয়ে পুনৰ কয় যে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে ভূটান সীমান্তত অবৈধ ভাবে গঢ়ি তোলা শিল-বালিৰ মহল।

তাৰোপৰি বিধায়ক গৰাকীয়ে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ হ’লে হাতীৰ কৰিড’ৰ সমূহ মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু জনাসাধাৰণ সচেতন হ’ব লাগিব বুলিও মন্তব্য কৰে।

প্ৰখ্যাত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সচিব ড০ বিভূতি লহকৰে সজাগতা সভাত অংশ গ্ৰহণ কৰি কয় যে খাদ্য সংকটত ভোগা বন্যহস্তীৰ বাবে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বৃক্ষ ৰোপণ কৰাৰ লগতে যি সমূহ অঞ্চলত হাতীৰ উপদ্ৰৱ বৃদ্ধি হৈছে সেই অঞ্চলত জনসাধাৰণে ধান আৰু কলৰ খেতিৰ বিকল্প হিচাপে নেমু, কপাহ আদিৰ খেতি কৰাৰ বাবে ব্যৱস্থা ল’ব লাগিব।

আনহাতে সজাগতা সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, তামুলপুৰ আৰু কুমাৰীকাটা বনাঞ্চালিক কাৰ্য্যালয়ৰ বিষয়া কেশৱ ব্ৰহ্ম আৰু জীৱন স্বৰ্গীয়াৰী, নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখল সিংহকে ধৰি তামুলপুৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুশ লোকে অংশ গ্ৰহণ কৰে। লগতো সজাগতা সভাতেই বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা বহু কেইখন গাঁৱৰ ৰাইজৰ মাজত উচ্চ ক্ষমতা সম্পন্ন টৰ্চ লাইট সহ ফটকা বিতৰণ কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd