• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বলাই চাহ বাগিচাত শৈক্ষিক সজাগতা সভা

বাগিচা প্ৰধান অঞ্চলৰ দুই হেজাৰ খন বিদ্যালয়ক চৰকাৰী কৰণ কৰাৰ দাবী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 26, 2019 8:36 pm

2 min read

fdbbbe12-7062-46b6-93a6-f02b3f4b1b72

ফটো : নৰ্থ-ইষ্ট নাও

510
VIEWS
Share on FacebookShare on Twitter

চাহ জনগোষ্ঠীয় জনসাধাৰণৰ মাজত সামাজিক সচেতনতা অধিক বিকশিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সোমবাৰে আৰ ডি শৈক্ষিক কেন্দ্ৰ লাহোৱাল জ’নৰ উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘৰ সহযোগত ডিব্ৰুগড় বলাই চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়।

কেইবা শতাধিক চাহ জনগোষ্ঠীয় লোকে অংশ লোৱা সজাগতা সভাখনত আৰ ডি এডুকেশ্যন এণ্ড স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি মনোজ ধানোৱাৰ, প্ৰাক্তন কেবিনেট মন্ত্ৰী পৃথ্বি মাঝি, চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সম্পাদক লবীন কৰ্মকাৰ, আটছা নেতা অৱন ভূমিজ, চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সহকাৰী সম্পাদক অমৃত চাৱাছী, লাহোৱাল আটছা শাখাৰ সম্পাদক হেমন্ত কুজুকে প্ৰমুখ্যে কৰি ভালে কেইবা গৰাকী ব্যক্তি মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

উল্লেখনীয় যে অলপতে টীয়ক চাহ বাগিচাত সংঘটিত হোৱা ঘটনাটোক আৰ ডি জুনিয়ৰ কলেজৰ স্বত্বাধিকাৰ মনোজ ধানোৱাৰে দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে এনে ঘটনা পুনৰাই সংঘটিত নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ অসমৰ কেইবা লক্ষ্য চাহ জনগোষ্ঠীৰ জনসাধাৰণক চৰকাৰে উপযুক্ত শিক্ষা দিয়াৰ পৰা বঞ্চিত কৰি আহিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

বাগিচা প্ৰধান অঞ্চলৰ দুই হাজাৰখন বিদ্যালয়ক চৰকাৰীকৰণ কৰিবলৈ বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক আৰ ডি জুনিয়ৰ কলেজৰ স্বত্বাধিকাৰী মনোজ ধানোৱাৰে দাবী জনাইছে।

ইফালে প্ৰাক্তন কেবিনেট মন্ত্ৰী পৃথ্বি মাঝিয়েও সোণোৱাল চৰকাৰৰ কামত সন্তোষ নহয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে বিজেপি চৰকাৰখনে কেবল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰে দেশৰ জনসাধাৰণক প্ৰতাৰণা কৰাৰ বাদে একো উন্নয়ন কৰিব পৰা নাই।

বৰ্তমান চৰকাৰখনে চাহ জনগোষ্ঠীৰ সতি সন্তানক উপযুক্ত শিক্ষা দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰি অহা বুলি সভাত প্ৰাক্তন মন্ত্ৰী মাঝিয়ে উল্লেখ কৰে। বাগিচাৰ বিদ্যালয় সমূহত সময় মতে চৰকাৰে কিতাপ পত্ৰ যোগান নিদিয়ে বুলি মাঝিয়ে এই শৈক্ষিক সজাগতা সভাখনত অভিযোগ তোলে।

উল্লেখযোগ্য যে ডিগবৈস্থিতি আৰ ডি এডুকেশ্যনেল এণ্ড স্প’ৰ্টছ ফাউণ্ডেশ্যনে অসমৰ সৰ্ব দিশত অবহেলিত চাহ জনগোষ্ঠীয় লোকৰ মাজত শৈক্ষিক জাগৰণ সৃষ্টি কৰা প্ৰয়াসেৰে নিৰবিচ্চিন্নভাৱে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰাখিছে। বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ বহু চাহ বাগিচা অঞ্চলত আৰ ডি এডুকেশ্যনেল এণ্ড স্প’ৰ্টছ ফাউণ্ডেচনে ১১৬ টা শৈক্ষিক কেন্দ্ৰ স্থাপন কৰি চাহ জনগোষ্ঠীয় লোকৰ মাজত শৈক্ষিক বাতাবৰণৰ নতুন এক ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd