ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত সজাগতা বৃদ্ধিৰ এক প্ৰচেষ্টা চলাই অসম আৰক্ষী আৰু অপৰাধ তদন্ত শাখাই। সেই উদ্দেশ্যে মহানগৰীৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত আজি অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়।।
উক্ত অনুষ্ঠানত উপস্থিত থাকি আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক মৃত্যু মুখী ড্ৰাগছৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায়।
তেওঁ আৰু কয় ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। বিশেষকৈ আমি নাটক অথবা সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ চেষ্টা কৰিছোঁ। সমগ্ৰ অসমতেই ইতিমধ্যে এই সভাগত অভিযান আৰম্ভ কৰা হৈছে।
তাৎপৰ্যপূৰ্ণ ভাৱে ড্ৰাগছৰ চাহিদা হ্ৰাস কৰিবলৈ তথা ড্ৰাগছৰ অবৈধ যোগান বন্ধ কৰিবলৈ অসম আৰক্ষীৰ ফালৰ পৰা এই সজাগতা অনুষ্ঠান আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়।
তেওঁ লগতে জনায় যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছৰ লগত জড়িত বহুতো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাইজৰ অংশগ্ৰহণে আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে এই অভিযানত অধিক উৎসাহ যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আনহাতে উক্ত সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত এনেধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে।
তেওঁ আৰু কয়” মহাবিদ্যালয় ৰ ছাত্ৰ-ছাত্ৰী সকলৰ যি বয়স এই বয়সত ড্ৰাগছৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়। গতিকে আমি তেওঁলোকৰ মাজত সজাগতা আনিব লাগিব। ”
উক্ত অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু অপৰাধ তদন্ত শাখাৰ সঞ্চালক প্ৰধান এল আৰ বিষ্ণই উপস্থিত থাকে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে ড্ৰাগছ আৰু সমাজৰ কু সংস্কাৰৰ বিৰুদ্ধে এখনি নাটক মঞ্চস্থ কৰে।