গুৱাহাটী প্ৰেছ ক্লাৱত আয়ুৰ্বেদিক চিকিৎসা শিবিৰৰ আয়োজন

HEALTH-CHECKUP-CAMP-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২৯ জুন অৰ্থাৎ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৪ বজাৰ পৰা ৬ বজালৈ এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।

এই শিবিৰত জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিনোদ কলিতা এম এছ (আয়ুৰ্বেদ) আৰু ডাঃ জয়ন্ত শৰ্মা এম ডি (আয়ুৰ্বেদ)  উপস্থিত থাকি সাংবাদিকসকলক যাৱতীয় পৰামৰ্শ আগবঢ়াব।

উল্লেখযোগ্য যে অৰ্শ ৰোগত ভুগি থকা সাংবাদিকসকলে এই শিবিৰৰ পৰা বিশেষ ভাৱে  উপকৃত হ’ব ।