NORTHEAST NOW (Assamese)

২৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিব প্ৰধান মন্ত্ৰীৰ জন আৰোগ্য আঁচনি

September 2, 2018 10:07 am · এন ই নাও নিউজ

২৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধান মন্ত্ৰীৰ জন আৰোগ্য যোজনা চমুকৈ পি এম জে এ ৱাইৰ।

উল্লেখযোগ্য যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিনটোতে অৰ্থাৎ ২৫ ছেপ্টেম্বৰত আঁচনিখন অসমত মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ১.৪৫ কোটি লোকক সাঙুৰি লোৱা হ’ব বুলিও জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দ্বাৰা ৰূপায়ণ হ’বলগীয়া প্ৰধান মন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত এজন লোকে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব।

এক সূত্ৰৰ পৰা জানিব পৰা মতে অসমৰ উপৰি গুজৰাট, অন্ধ্ৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, তামিলনাডু, ওড়িষা, কৰ্ণাটক, পঞ্জাব, উত্তৰ-প্ৰদেশ আৰু উত্তৰাখণ্ডতো আঁচনিখন মুকলি কৰা হ’ব।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটত ঘোষণা কৰা ‘আয়ুষ্মান ভাৰত’ৰ অংশ হিচাপে প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা হাতত লৈছে মোদী চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ দ্বাৰা দেশৰ ৫০ কোটি লোকক উপকৃত কৰাৰ লক্ষ্য বান্ধি লৈছে।

Related News