সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত শিৱসাগৰৰ আয়ুষ্মান শইকীয়াৰ চমক
শিৱসাগৰৰ প্ৰতিভাৱান শিশু আয়ুষ্মান শইকীয়াই বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান লাভেৰে চমক সৃষ্টি কৰিছে। আয়ুষ্মানৰ এই সাফল্যতাই অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আয়ুষ্মান শইকীয়া হ’ল অইল ইণ্ডিয়াৰ কৰ্মচাৰী প্ৰাঞ্জল জ্যোতি শইকীয়া আৰু প্ৰীতি ৰেখা বড়াৰ পুত্ৰ। পিতৃ প্ৰাঞ্জলজ্যোতি শইকীয়া চাকৰি সূত্ৰে দুলীয়াজানৰ বাসিন্দা যদিও তেওঁৰ প্ৰকৃত ঘৰ শিৱসাগৰত।
৪ বছৰীয়া আয়ুষ্মান বৰ্তমান ডিপিএছ স্কুলৰ নাৰ্চাৰীত শাখাত অধ্যায়নৰত। আয়ুষ্মানে ২০১৮ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।
ইয়াৰ পাছৰে পৰাই আয়ুষ্মানে গুৱাহাটী, শিৱসাগৰ, ডিমৌ, দুলীয়াজান আদিত অনুষ্ঠিত সদৌ অসম ভিত্তিত অনুষ্ঠিত বিভিন্ন সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহু খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এই ক্ষেত্ৰত আয়ুষ্মানক সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে মাতৃ প্ৰীতি ৰেখা বড়াই। তেওঁ নিজে এগৰাকী নৃত্যৰ শিল্পী হোৱাৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰৰ জড়িত আছিল।
বৰ্তমান আয়ুষ্মানৰ প্ৰতিভা সমগ্ৰ অসমতে বিয়পি পৰিছে আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে শিৱসাগৰ আৰু দুলীয়াজানবাসীয়ে।