মধ্যপ্ৰাচ্যৰ সংঘাত বন্ধ হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইয়াৰ বিপৰীতে শেহতীয়াকৈ ভাৰত মহাসাগৰত ইৰাণৰ এখন চাবমেৰিন ধ্বংস কৰা হৈছে। আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণ আৰু তেহৰাণক আক্ৰমণ কৰিছে। ইৰাণেও প্ৰতিশোধ লৈছে। এনে পৰিস্থিতিত পাৰমাণৱিক সংঘৰ্ষ বা যুদ্ধৰ কোনো সম্ভাৱনা আছে নেকি, বাবা ভাংগাৰ ভৱিষ্যদ্বাণীই কি কয়?
ইপিনে যেতিয়া ইৰাণ-ইজৰাইল সংঘাত তুংগত উপনীত হৈছে, তেতিয়া বাবা ভাংগাৰ ভৱিষ্যদ্বাণীকলৈও চলিছে তুমুল চৰ্চা। তেওঁক বাল্কনৰ নষ্ট্ৰাডামুছ বুলি কোৱা হয়। তেওঁৱেই কৈ গৈছিল যে ২০২৬ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে।
অৱশ্যে বাবা ভাংগাই লগতে কৈছিল যে ২০২৬ বৰ্ষটো মানৱতাৰ বাবে এক ডাঙৰ আঘাত হ’ব। বৃহৎ ক্ষতি হ’ব, কিন্তু মানৱ সভ্যতাৰ অন্ত নপৰে। ৫০৭৯ চনলৈকে পৃথিৱীখন জীয়াই থাকিব।
মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ উত্তেজনা আৰু সংঘাতৰ লগে লগে বহুতে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য হোৱা যেন দেখিবলৈ পাইছে। বাবা ভাংগাই কৈছিল যে ২০২৬ চনত ইউৰোপত যুদ্ধ হ’ব, আৰু ইয়াৰ প্ৰভাৱ ইমানেই ভয়ংকৰ হ’ব যে ই সমগ্ৰ মহাদেশখনকে ধ্বংস কৰি পেলাব। এই ঘটনাৰ পিছত ৰাছিয়াই নিজকে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শক্তি হিচাপে প্ৰমাণ কৰিব।
কিছুমান সংস্কৰণত কোৱা হৈছে যে এই সংঘাতৰ পিছত ইউৰোপ অৰ্থনৈতিক আৰু সামাজিকভাৱে দুৰ্বল হৈ পৰিব, আৰু ৰাছিয়া তুলনামূলকভাৱে শক্তিশালী স্থানলৈ উঠিব, যাৰ ফলত বিশ্ব শক্তিৰ ভাৰসাম্যৰ বৃহৎ পৰিৱৰ্তন ঘটিব।
একে সময়তে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে এই বছৰ পাৰমাণৱিক যুদ্ধৰ পৰা আৰম্ভ কৰি সঘনাই ভূমিকম্প আৰু চুনামীৰ সৃষ্টি হ’ব।
২০২৬ চনৰ আৰম্ভণিতে “মহাযুদ্ধ” আৰম্ভ হ’ব, যিখন পূবৰ পৰা আৰম্ভ হৈ পশ্চিমলৈ বিয়পি পৰিব। যদিও এই দাবীক লৈ তীব্ৰ বিতৰ্ক চলি আছে, তথাপিও অনিশ্চয়তাৰ সময়ত এনে ভৱিষ্যদ্বাণীৰ প্ৰতি আগ্ৰহ বাঢ়িছে।
১৯১১ চনত জন্মগ্ৰহণ কৰা বাবা ভাংগাই শিশু অৱস্থাত দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাইছিল। পিছত তেওঁ দাবী কৰিছিল যে তেওঁ অন্ধ হৈ পৰাৰ পিছত অলৌকিক দৃষ্টিশক্তি লাভ কৰিছিল। তেওঁৰ অনুগামীসকলে দাবী কৰে যে তেওঁ বহুতো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰিছিল—যেনে ৯/১১ৰ আক্ৰমণ বা উগ্ৰপন্থী গোটৰ উত্থান।
কিন্তু ইতিহাসবিদ আৰু গৱেষকসকলৰ মতে, এই দাবীসমূহৰ অধিকাংশই পাছলৈ তেওঁৰ নামত সংযোজন কৰা হয়। তেওঁৰ দ্বাৰা লিখা বা লিপিবদ্ধ কৰা কোনো নিৰ্ভৰযোগ্য নথি নাই য’ত এই ভৱিষ্যদ্বাণীসমূহৰ স্পষ্ট উল্লেখ আছে। ফলত বহুতে সেইবোৰক উৰাবাতৰি বা লোককথা বুলি গণ্য কৰে।
সমগ্ৰ বিশ্বতে যেতিয়াই উত্তেজনা বা যুদ্ধৰ আশংকা বাঢ়ি যায়, তেতিয়াই বাবা ভাংৰাৰ নাম ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হোৱা দেখা যায়। তেওঁৰ কথিত ভৱিষ্যদ্বাণী বিশেষভাৱে এক্স আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত জনপ্ৰিয়। বিশেষজ্ঞসকলৰ মতে, অনিশ্চয়তাৰ সময়ত মানুহে স্বাভাৱিকতে ভৱিষ্যতৰ বিষয়ে নিশ্চিত ব্যাখ্যা বিচাৰে। ভয় আৰু অশান্তিৰ মুহূৰ্তত ৰহস্যবাদ বা ভৱিষ্যদ্বাণীই বহুতৰ বাবে মানসিক আশ্ৰয় প্ৰদান কৰে।
মনোবিজ্ঞানীসকলে কয় যে অজ্ঞাত ভৱিষ্যতৰ ভয়ে মানুহক এনে কাহিনীৰ প্ৰতি আকৰ্ষণ কৰে যিয়ে পৰিঘটনাক পূৰ্বনিৰ্ধাৰিত পৰিকল্পনাৰ অংশ হিচাপে উপস্থাপন কৰে। ইয়াৰ ফলত নিয়ন্ত্ৰণৰ ভাৱ এটাৰ সৃষ্টি হয়—যদিও বাস্তৱত ইয়াৰ কোনো প্ৰমাণ নাথাকিবও পাৰে।





