NORTHEAST NOW (Assamese)

নুমলীগড়ৰ চফেলা চাহ বাগিচাত মাতৃৰ পৰা বিচ্ছেদিত সদ্যজাত হাতী পোৱালী উদ্ধাৰ

August 1, 2022 7:36 am · উত্তম শইকীয়া, বোকাখাত

নুমলীগড়ৰ চফেলা চাহ বাগিচাত মাতৃয়ে এৰি যোৱা এটি সদ্যজাত হাতী পোৱালীক স্থানীয় লোকৰ সহযোগত গোলাঘাট বন বিভাগে উদ্ধাৰ কৰে ৷ সদ্যজাত এটা মতা হাতী পোৱালী জাকৰ লগত নিবৰ বাবে যোৱা দুটা দিন চেষ্টা চলাই বিফল হোৱাৰ পিচত হাতী পোৱালীটোক চফেলা চাহ বাগিচাত মাতৃয়ে এৰি থৈ যায় ৷

দেওবাৰে চফেলা চাহ বাগিচাৰ চেগুনবাৰী অঞ্চলত মাতৃৰ পৰা বিচ্চেদিত সদ্যজাত হাতী পোৱালীটোকজাকৰ পৰা পিছ পৰি যোৱা হাতী পোৱালিটোক উদ্ধাৰ কৰিবৰ বাবে বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক: বংগত টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি বিধায়কৰ সৈতে জড়িত হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম!

চাহ বাগিচাৰ নলাত আৱদ্ধ হৈ পৰা হাতী পোৱালীটোক জে চি পি লগাই নলা খান্দি  উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

বিগত দুটা দিন মাতৃৰ দুগ্ধৰ পৰা বঞ্চিত হৈ নিশকতীয়া হৈ পৰা হাতী পোৱালীটোক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি অভিযানকাৰী বনকৰ্মীৰ দলে বোকাখাতৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

ইপিনে পোৱালী এৰি যোৱা জাকটো বৰ্তমান বাগিচা খনৰ সমীপতে অৱস্থান কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত ভাৰতৰ বাবে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন অচিন্ত্য শিউলীৰ

সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত জ্যেষ্ঠ পশু চিকিৎসক ডাঃ চামচুল আলীৰ তত্বাৱধানত হাতী পোৱালীটোক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ 

Related News