• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

আৰক্ষীয়ে জেৰাৰ বাবে থানালৈ অনা প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰী অসুস্থ; পুনৰ চিকিৎসালয়ত ভৰ্তি

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , October 30, 2019 2:42 pm

2 min read

Badal Choudhury

বাদল চৌধুৰী। ফাইল ফটো।

2.4k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ পূৰ্বৰ বাওঁ চৰকাৰখনৰ গড়কাপ্টানী মন্ত্ৰী বাদল চৌধুৰীক ত্ৰিপুৰা আৰক্ষীয়ে আজি জেৰাৰ বাবে পশ্চিম আৰক্ষী থানালৈ আনে যদিও তেওঁ অসুস্থ হৈ পৰাত পুনৰ জি বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পূৰ্বৰ বাওঁ চৰকাৰৰ দিনত বিভাগটোত হোৱা দুৰ্নীতিৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।

আদালতে আগতীয়া জামিন নাকচ কৰাৰ পিছত চৌধুৰীক যোৱা ২১ অক্টোবৰত জি বি হস্পিটেলতে গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ চিকিৎসা আৰক্ষীৰ নিৰীক্ষণত চলি আছিল।

আজি প্ৰথমবাৰৰবাবে প্ৰাক্তন মন্ত্ৰীজনক আৰক্ষীয়ে জেৰাৰ বাবে থানালৈ আনিছিল। তেওঁক আজি আদালততো হাজিৰ কৰোৱাৰ কথা আছিল।

বিভাগটোত উক্ত সময়ছোৱাত প্ৰায় ৬০০ কোটি টকাৰ দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু গোচৰটোত তদানীন্তন মুখ্য সচিব য়শপাল সিং আৰু বিভাগটোৰ মুখ্য অভিযন্তাকো সুনীল ভৌমিককো সামৰি লোৱা হৈছে।

ইয়াৰ পূৰ্বে চিকিৎসালয় কৰ্তৃপক্ষই উচ্চ ৰক্তচাপত ভোগা প্ৰাক্তন মন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থা অতি বেয়া বুলি জানিবলৈ দিছিল।

নিজৰ কাৰ্য্যকালত বিভাগটোত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছত চৌধুৰীয়ে কৈছিল যে তেওঁ যিকোনো ধৰণৰ তদন্তৰ সন্মুখীন হ’বলৈ সাজু।

গড়কাপ্তানী বিভাগৰ প্ৰাথমিক পৰ্য্যৱক্ষণ আৰু তাৰ পৰৱৰ্তী অনুসন্ধানৰ ভিত্তিত চৌধুৰী, প্ৰাক্তন মুখ্য সচিব আৰু বিভাগটোৰ তদানীন্তন মুখ্য অভিযন্তাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 409, 418, 420, 201, 120B আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰ 13-ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd