• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পঞ্চমবাৰৰ বাবে এ আই য়ু ডি এফৰ সভাপতি পদত বদৰুদ্দিন আজমল

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 26, 2019 5:26 pm

1 min read

পঞ্চমবাৰৰ বাবে এ আই য়ু ডি এফৰ সভাপতি পদত বদৰুদ্দিন আজমল

বদৰুদ্দিন আজমল। ফটো নৰ্থ-ইষ্ট নাও

585
VIEWS
Share on FacebookShare on Twitter

পুনৰবাৰ এ আই য়ু ডি এফৰ সভাপতিৰ পদত বদৰুদ্দিন আজমল। আজি গুৱাহাটীৰ মনীষা বিবাহ ভৱনত অনুষ্ঠিত হোৱা দলৰ সাধাৰণ পৰিষদৰ সভাত আজমল পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।

সভাত জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে আজমলৰ নামটো প্ৰস্তাৱ দিয়ে আৰু এই প্ৰস্তাৱ সমৰ্থন জনায় ৰাধেশ্যাম বিশ্বাসে। এইবাৰৰ সৈতে দলটো জন্ম হোৱাৰে পৰা পঞ্চমবাৰৰ বাবে আজমল সভাপতি নিৰ্বাচিত হৈছে।

সভাপতি নিৰ্বাচিত হৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা প্ৰসংগত তৰুণ গগৈয়ে কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘তেওঁক প্ৰাক্তন মুখ্য মন্ত্ৰী হিচাপে মই জানো, তেওঁ ভাল মানুহ। তেওঁ মিত্ৰতাৰ কথা ক’লে নহ’ব, দলৰ সভাপতি ৰিপুন বৰা, দলপতি দেৱব্ৰত শইকীয়াৰ পৰাটো কোনো লিখিত প্ৰস্তাৱ অহা নাই। যদি আহে তেতিয়া আমাৰ দলে চিন্তা কৰিব।’

ইপিনে গোটেই ভাৰততে কংগ্ৰেছ শূণ্য হৈ গ’ল বুলি মন্তব্য কৰি আজমলে কয় ‘অসমত কংগ্ৰেছ জিৰ’ আৰু আমি এতিয়া হিৰো। আমাৰ এটাত দিছিলোঁ এটাতে জিকিছো, কংগ্ৰেছ চাৰিটাতে হাৰিছে।’

‘অসমত প্ৰথম দল হিচাপে ক্ষমতাত বিজেপি আৰু দ্বিতীয় হিচাপে ইনচাল্লাহ এ আই য়ু ডি এফ।’ আজমলে লগতে কয়।

ইপিনে শিলাদিত্যক সমালোচনা কৰি আজমলে কয়, ‘সি এটা পাগল, পাগলৰ নিচিনা বকি থাকে। সি ক্ষমা বিচাৰিব লাগে। এন আৰ চিত যাৰ নাম আহিছে আৰু ভোটাৰ লিষ্টত নাম থকা সকলেই ভোট দিছে।’

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd