• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 8:10 pm
Gyanvapi Mosque
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশব্যাপী চৰ্চাত থকা বাৰানসীৰ জ্ঞানৱাপী মছজিদ বিতৰ্কৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক ৰতন লালক আজি দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰে।

অধ্যাপক লালৰ জামিন আবেদন মঞ্জুৰ কৰি ন্যায়ালয়ে কয়, “এজন ব্যক্তিয়ে অনুভৱ কৰা আঘাতৰ অনুভূতিয়ে গোটেই গোট বা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিব নোৱাৰে।” ন্যায়ালয়ে অৱশ্যে লালক এনে কোনো বিতৰ্কিত বিষয় পোষ্ট কৰাৰ পৰা কঠোৰভাৱে বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

“এইটো সঁচা যে অভিযুক্ত লালে কৰা এই কৰ্ম চাৰিওফালৰ জনসাধাৰণৰ সংবেদনশীলতাৰ কথা বিবেচনা কৰি পৰিহাৰ কৰা উচিত আছিল। অৱশ্যে পোষ্টটো যদিও নিন্দনীয়, ই সম্প্ৰদায়সমূহৰ মাজত ঘৃণা সৃষ্টি কৰাৰ প্ৰয়াসৰ ইংগিত নিদিয়ে।”- ন্যায়ালয়ে নিজ ৰায়ত এইদৰে উল্লেখ কৰে।

জ্ঞানৱাপী মছজিদৰ ভিতৰত শিৱলিঙ্গ উদ্ধাৰ কৰা বুলি দাবী কৰাৰ পিছতে সন্দেহযুক্ত শিৱলিঙ্গৰ এখন ফটো বিভিন্ন মাধ্যম যোগে প্ৰকাশ পাইছিল। উক্ত ফটোখনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এক ব্যঙ্গাত্মক টুইট কৰিছিল অধ্যাপক লালে।

ইয়াৰ পিছতে দিল্লীৰ বিনীত জিন্দাল নামৰ এজন অধিবক্তাই মঙলবাৰে নিশা লালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। লালে শিৱলিংগৰ ওপৰত এটা অপমানজনক আৰু উচতনিমূলক টুইট শ্বেয়াৰ কৰিছে বুলি অভিযোগ কৰিছিল জিন্দালে।

এই অভিযোগৰ ভিত্তিত উত্তৰ দিল্লীৰ চাইবাৰ আৰক্ষীয়ে অধ্যাপক লালক গ্ৰেপ্তাৰ কৰিছিল। আজি বিয়লি আদালতত হাজিৰ কৰা হৈছিল অভিযুক্ত ৰতন লালক।

লালৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত সম্প্ৰদায়সমূহৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰটোৰ তদন্তৰ বাবে লালৰ ১৪ দিনৰ ন্যায়িক ৰিমাণ্ড বিচাৰিছিল। আৰক্ষীয়ে এতিয়ালৈকে অভিযুক্ত অধ্যাপক জনৰ বিৰুদ্ধে ছয়টা অভিযোগ লাভ কৰিছে বুলিও দাবী কৰিছিল।

আনহাতে লালৰ অধিবক্তাই জামিন আবেদন দাখিল কৰি লালৰ গ্ৰেপ্তাৰক আইনৰ অপপ্ৰয়োগ আখ্যা দিয়ে। আনহাতে কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ অধ্যাপকজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলি তেওঁ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ দাবী কৰে।

উল্লেখ্য যে অধ্যাপক লালৰ টুইটক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে তেওঁ আত্মপক্ষ সমৰ্থন কৰি কয় যে ভাৰতত যদি কোনোবা এজন ব্যক্তিয়ে যিকোনো কথা কয়, কাৰোবাৰ নহয় কাৰোবাৰ অনুভূতি আঘাতপ্ৰাপ্ত হয়। গতিকে এইটো একো নতুন কথা নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd