NORTHEAST NOW (Assamese)

ল’কডাউনৰ মাজতে বজালী আৰক্ষীয়ে উদযাপন কৰিলে হেঁপাহৰ ব’হাগ বিহু; মানি চলিলে ল’ডকাউনৰ নিৰ্দশনা

April 14, 2020 5:51 pm · শশাংক তালুকদাৰ
ফ'টো- নৰ্থ ইষ্ট নাও

দেশত মাহামাৰী ক’ৰ’নাৰ আতংক আৰু ল’কডাউন অব্যাহত থকাৰ সময়তে অসমৰ বাপুতিসাহোন ৰঙালী বিহুটি আহি পালেহি।

দেশত অব্যাহত থকা ক’ৰ’নাতংক আৰু ল’কডাউনৰ বাবে এইবাৰ ৰাজ্যত পূৰ্বৰ দৰে ব’হাগ বিহুৰ উছাহ নাই।

কিন্তু তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত আৰক্ষীয়ে কৰ্মব্যস্ততাৰ মাজতে অকণ হ’লেও বিহু উদযাপন কৰা দেখা গৈছে।

আজি বজালী আৰক্ষীয়ে পাঠশালাত কৰ্মব্যস্ততাৰ মাজতে বিহু কৰা দেখা গ’ল।

আজি ল’কডাউনৰ নিৰ্দেশনা মানি চলি পাঠশালা আৰক্ষী চকীৰ আৰক্ষীয়ে বিহু কৰে। মুখত গামোচাৰে তৈয়াৰী মাস্ক, সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঢোলৰ লহৰত বিহু নাম গাই বিহু নাচিলে আৰক্ষীয়ে।

Related News