• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজৰং দলৰ নেতাৰ বক্তব্যক ধিক্কাৰ : প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান কা-বিৰোধী সমন্বয় সমিতিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2020 8:45 pm

2 min read

index.jpgn

উগ্ৰ হিন্দুত্ববাদী মন্তব্য কৰা বজৰঙৰ নেতাজন

441
VIEWS
Share on FacebookShare on Twitter

বজৰং দলৰ নেতাৰ উগ্ৰ হিন্দুত্ববাদী বক্তব্যক তীব্ৰ গৰিহণা দি প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে কা বিৰোধী সমন্বয় সমিতিয়ে।

কা বিৰোধী সমন্বয় সমিতি, অসমৰ সভাপতি ডঃ হীৰেন গোহাঁই আৰু মুখ্য আহ্বায়ক দেবেল তামুলীৰ স্বাক্ষৰিত এক বিবৃতিত কোৱা হৈছে যে “অলপতে বজৰং দলৰ এজন প্ৰধান নেতা গুৱাহাটীলৈ আহি হিংস্ৰ হিন্দুত্বৰ আৱেগ প্ৰৰোচিত কৰিবলৈ সংবাদ মেলত দুটামান অতি আপত্তিজনক কথা কোৱা বুলি প্ৰকাশ পাইছে।”

বিবৃবিতটোত লগতে উল্লেখ  কৰিছে যে “বিভিন্ন ধৰ্মৰ অনুগামীৰ মাজত কেতিয়াবা ভুলবুজাবুজি হয়। তাৰ শান্তিপূৰ্ণ সমাধান সদায় সম্ভৱ। এটা পৰিয়ালৰ মানুহৰ মাজত বিবাদৰ দৰে। কিন্তু কিছু অশুভ মহলে তাৰ আলমত তুমুল হিংসাত্মক ঘটনা ঘটাবলৈ চেষ্টা কৰে আৰু নিৰীহ জনতা তাৰ পৰা বিপুলভাৱে ক্ষতিগ্ৰস্ত হয় আৰু শান্তিৰ পৰিবেশ বিধ্বস্ত হৈ যায়। এতেকে তেনে প্ৰৰোচনাত কাণ নিদি শান্তিৰ পৰিবেশ ৰক্ষা কৰাহে ৰাইজৰ বাবে মংগলজনক।”

যি কাৰণেই নহওক, ৰাস্তাত মাৰপিত কৰাৰ অধিকাৰ আইনে কাকো দিয়া নাই বুলি উল্লেখ কৰি বিবৃতিটোত লগতে কোৱা হৈছে যে উক্ত নেতাই অসমৰ গৌৰৱময় পৰম্পৰা নাজানি কৈছে যে বজৰং দলে ৰাস্তাত মাৰপিত কৰা বাবে সমালোচনা হয় কিন্তু কিয় মাৰপিত কৰিছে কোনেও নাভাবে।

নাগৰিকৰ সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰত হস্তক্ষেপ কৰাৰ কাৰো এক্তিয়াৰ নাই বুলি উল্লেখ কৰি বিবৃতিটোক লগতে কয় যে “নেতাজনে সংবিধানৰ বিধান ভৰিৰে গছকি এইবাৰ খ্ৰীষ্টমাছ উৎসৱত আন ধৰ্মৰ লোকক গীৰ্জালৈ যাবলৈ নিষেধ কৰিছে। প্ৰতিজন মানুহক ইচ্ছানুযায়ী কোনো ঠাইলৈ যোৱাৰ মৌলিক অধিকাৰ গণতান্ত্ৰিক সংবিধানে দিছে। তাত বজৰং দলৰ বাধা দিয়াৰ কোনো অধিকাৰ নাই। আশা কৰোঁ আৰক্ষী আৰু প্ৰশাসনে এনে অতপালি বন্ধ কৰিব।”

“দ্বিতীয় কথা আজিকালি গীৰ্জাৰ খ্ৰীষ্টমাছ উৎসৱত সুন্দৰ দৃশ্য আৰু সমবেত সংগীত উপভোগ কৰিবলৈ আন ধৰ্মৰ মানুহৰ ভিৰ হয়। তাৰ ফলত কোনো ধৰ্মান্তৰিত নহয়। যেনেকৈ দেৱালিৰ পোহৰৰ মেলা চাই আন ধৰ্মৰ মানুহো মুগ্ধ হয়। এনে কামে বিভিন্ন ধৰ্মৰ অনুগামীৰ মাজত মিলাপ্ৰীতি বৃদ্ধি কৰে যিটো শান্তিৰ শত্ৰু বিলাকে নিবিচাৰে।” এইদৰে উল্লেখ কৰি এনে বিভেদমূলক কথা আৰু কামক তীব্র গৰিহণা দিয়াৰ লগতে আৰু কৰ্তৃপক্ষক তাৰ বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে কা বিৰোধী সমন্বয় সমিতিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd