• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজপেয়ীৰ মৃত্যুত অসমত শোক : ৰাষ্ট্ৰই এগৰাকী যুগদ্ৰষ্টাক হেৰুৱালে-মুখ্যমন্ত্ৰী সোণোৱাল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 17, 2018 7:36 am
২০০৪ চনত অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সম্বৰ্দ্ধনা জনোৱাৰ মুহূৰ্ত। ফটো : ইউ বি

২০০৪ চনত অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সম্বৰ্দ্ধনা জনোৱাৰ মুহূৰ্ত। ফটো : ইউ বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো শোকৰ বন্যা বোৱা পৰিলক্ষিত হয়।

বাজপেয়ীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক প্ৰেছ বিবৃতিযোগে সোণোৱালে কয়, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল বিশেষ অনুৰাগ। তেখেতৰ কাৰ্যকালতে ড’নাৰ মন্ত্ৰালয় সৃষ্টি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ দিশটোক তৰান্বিত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল’।

Apply Now

মুখ্যমন্ত্ৰী সোণোৱালে অটল বিহাৰী বাজপেয়ীৰ বিয়োগত ৰাষ্ট্ৰই এগৰাকী যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, নিৰ্ভীক নিষ্ঠাবান আৰু সৰ্বোপৰি এগৰাকী মানৱ দৰদী নেতাক হেৰুৱালে বুলি উল্লেখ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।

‘ভাৰতীয় ৰাজনীতিৰ উজ্জ্বল নক্ষত্ৰ, অসম হিতৈষী বাজপেয়ী ডাঙৰীয়াই স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত যুগদ্ৰষ্টাৰ ভূমিকাৰে আধুনিক ভাৰতৰ সোপান ৰচিছিল’ বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰি বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ মৃত্যুত শোক প্ৰকাশ ককৰিছে সদৌ অসম ছাত্ৰ সন্থায়ো। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আছু নেতৃত্বই কয়, ‘অটল বিহাৰী বাজপেয়ী এগৰাকী জনপ্ৰিয় নেতা আছিল আৰু তেওঁ সদায়েই গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি সন্মান আৰু আস্থা ৰাখি দেশক নেতৃত্ব দিছিল।‘

আছুৰ নেতৃত্বই লগতে কয় যে অটল বিহাৰী বাজপেয়ীয়ে অসম আন্দোলনৰ প্ৰতি পূৰ্ণ সহাঁৰি আগবঢ়াইছিল আৰু অসমৰ আন্দোলনকাৰী ৰাইজৰ কাষত আহি ঠিয় দিছিল। তেওঁ ‘অসম চুক্তি’ৰ প্ৰতি সহাঁৰি জনাই বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হোৱাৰ পোষকতা কৰা বুলিও ছাত্ৰ সন্থাৰ নেতৃত্বই উল্লেখ কৰে।

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কাৰ্যকৰী সভাপতি কেশৱ মহন্তইয়ো বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰয়াত প্ৰধানমন্ত্ৰীজনক শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ অতুল বৰা আৰু কেশৱ মহন্তই দিল্লীলৈ ৰাওনা হৈছে।

‘বাজপেয়ীৰ মৃত্যুত আমাৰ দেশে এজন সুদক্ষ নেতাক হেৰুৱালে। তেওঁ আছিল একেধাৰে এজন গণতন্ত্ৰৰ প্ৰকৃত বিশ্বাসী, আগশাৰীৰ কবি, লেখক, সুবক্তা আৰু এজন সুযোগ্য সাংসদ’, এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গগৈয়ে বাজপেয়ীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ দেহাৱসানত শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো।

বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে এ আই ইউ ডি এফে। দলটোৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয়, ‘তেখেতৰ মৃত্যুত ভাৰতবৰ্ষই এজন সুযোগ্য লোক হেৰুৱালে। তেওঁ এজন সুদক্ষ ৰাজনীতিবিদ তথা দূৰদৰ্শী আছিল। বাজপেয়ীৰ ভিজন মতে ভাৰতবৰ্ষত আজিও বহুতো উন্নয়নমূলক কাম চলি আছে।‘

একেদৰে, বাজপেয়ীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে সদৌ অসম ট্ৰাইবেল সংঘ, জনজাতি সংগঠনসমুহৰ সমন্বয়ৰক্ষী সমিতি, দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমকে ধৰি ৰাজ্যৰ বিভিন্ন সংগঠনে।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd