মৰণফান্দ! কৃষ্ণাইত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড; বাঁহৰ খুটাত তাঁৰ টানি দিয়া হৈছে বিদ্যুৎ সংযোগ

Screenshot_2021-10-25-23-51-31-80_f2cb81fb7cf38af7978f186f2a61634a

ফটো: নৰ্থইষ্ট নাও।

Electricity connection through bamboo post পকী খুটা অবিহনেই বাঁহৰ খুটাৰে বিপদজনকভাবে বিদ্যুত যোগান ধৰিছে এখন গাওঁলৈ ৷ দুধনৈ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনষ্ঠ এই গাওঁখনলৈ দহ পোন্ধৰ বছৰে এনেদৰেই চলিছে বিদ্যুত যোগান৷

দুধনৈ সমষ্টিৰ অন্তৰ্গত কৃষ্ণাইৰ নিকটৱৰ্তী ধাইগাওঁ টিলাপাৰাৰ৷ অভাব অনাটনৰ মাজত সীমিত সংখ্যক পৰিয়াল থকা এই গাওঁখনৰ বিদ্যুৎ উপভোক্তা সকলে নিয়মিত ভাবে আজিলৈ দি আহিছে মাহিলী বিদ্যুৎ মাচুল৷

কিন্তু দীৰ্ঘদিন ধৰি পকীখুটা অবিহনেই বৰ্তমানলৈ বাঁহৰ খুটাৰেই চলিছে বিদ্যুত যোগান৷ এক প্ৰকাৰ মৰণফান্দত পৰিণত হৈছে এই বিদ্যুৎ সংযোগ।  

ৰাইজৰ অভিযোগ-মাহে মাহে নিয়মিত বিল পৰিশোধ কৰা থকাৰ পিছতো কিয় পকী খুটা লগোৱা নাই বিদ্যুত বিভাগে৷

Also Read: তথ্য জনাৰ অধিকাৰ আইন: নিৰ্ধাৰিত সময়ৰ ভিতৰত তথ্য যোগান ধৰাৰ বিষয়ত মুখ্য তথ্য আয়ুক্তৰ গুৰুত্ব আৰোপ

ইতিমধ্যে গাওঁবাসীয়ে কেইবাবাৰো দুধনৈ বৈদ্যুতিক উপ সংমণ্ডলৰ লগত যোগাযোগো কৰিছে৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো সদুত্তৰ৷

ৰাজ্যত বিদ্যুতৰ সংস্কাৰ হোৱাৰ পিছতো অতি বিপদজনকভাবে ওলমি থকা বৈদ্যুতিক তাঁৰৰ তলতেই উমলিছে সৰু ল’ৰা ছোৱালী৷ এই বাটেৰেই অহাযোৱা কৰিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু গাওঁৰ ৰাইজ৷

বাৰিষা আৰু ফাগুণৰ পছোৱাত কেবাবাৰো শ্বৰ্ট চাৰ্কিট হোৱাৰ দৰে ঘটনাও ঘটিছে৷

এতিয়া বিভাগীয় কৰ্তৃপক্ষই কেতিয়ালৈ গাওঁখনত পকী খুটা লগায় তেতিয়ালৈ আশাৰে বাট চাই আছে৷