মাৰ্ঘেৰিটাত ধঁ‌পাত জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত ১৪৪ ধাৰাত নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ

index.jpgaaaaaaa

মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই এক প্ৰেছ বাৰ্তা যোগে মহকুমাটোত তৎকালে বলৱৎ হোৱাকৈ ধঁ‌পাত জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

খাদ্য সুৰক্ষা আয়ুক্তৰ এফ এচ চি/১২/২০১৩/৯৭৯ ৰ ২২ নৱেম্বৰ ২০১৯ তাৰিখৰ নিৰ্দেশমৰ্মে মাৰ্ঘেৰিটা মহকুমাত ধঁ‌পাতৰ ব্যৱহাৰ জৰ্দা, গুটখা, কমলা পাচন, শিখৰ, পাণ মছলা আৰু যিকোনো ধৰণৰ চোবাই খোৱা ধঁ‌পাত আৰু নিক’টিনযুক্ত উপাদান ব্যৱহাৰ কৰা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে।

বাৰ্তাটোত কোৱা হৈছে এই ধঁপাত জাতীয় সামগ্ৰীসমূহে মাৰ্ঘেৰিটা মহকুমাৰ ৰাইজৰ স্বাস্থ্যৰ বাবে বিপদ মাতি আনিছে আৰু ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰাৰ লগতে মানুহৰ প্ৰাণ নাশ কৰা, ৰাজহুৱা শান্তি ভংগ কৰাৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে।

জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে (এ চি এচ) সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত ধঁ‌পাত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ত  জৰুৰীকালিনভাৱে বলৱৎ হোৱাকৈ ফৌজদাৰী ধাৰা ১৪৪ৰ অধীনত নিৰ্দেশনা জাৰী কৰিছে।

এই আদেশ শীঘ্ৰে বলৱৎ কৰাৰ লগতে পৰৱৰ্তী আদেশ নহা পৰ্যন্ত বাহাল থাকিব বুলি উল্লেখ কৰি এই আইন ভঙ্গকাৰীৰ বিৰুদ্ধে ১৮৮ ৰ অধীনত দণ্ডণীয় হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰিছে।