বাংলাদেশী অভিনেত্ৰী ৰোমানা ইছলাম স্বৰ্ণাৰ ২৮ বাৰ বিয়া হৈছে। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছিল। এই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ বিষয়ে মুখ খুলিলে। ২০২১ চনত প্ৰৱঞ্চনা আৰু ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মডেল অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ ঢাকাত এখন সংবাদমেলত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ বিষয়ে মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে।
ৰোমানাই কয়, “মোক সুপৰিকল্পিতভাৱে মিছা অভিযোগৰ বলি কৰা হৈছে। প্ৰাক্তন স্বামী কামৰুল ইছলাম জুৱেলে মোক সেই সময়ত আৰক্ষী ব্যৱহাৰ কৰি জেললৈ পঠিয়াইছিল। তেতিয়াৰ ডি বি মুৰব্বী হাৰুণ-উৰ-ৰছিদ, গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল আৰু ফাজলে ৰাব্বিৰ নিৰ্দেশত মোক গ্ৰেপ্তাৰ কৰা হৈছিল। কেৱল সেয়াই নহয়, সেই সময়ত মোৰ স্বামীয়ে গোচৰৰ লগতে ২৮টা বিবাহৰ অপপ্ৰচাৰ চলাইছিল। এই সকলো অভিযোগ ভিত্তিহীন। আজিও তেওঁ এই অভিযোগৰ প্ৰমাণ দিব পৰা নাই। সংবাদ মাধ্যমৰ সন্মুখত মোক যিদৰে উপস্থাপন কৰা হৈছিল তাৰ কোনো প্ৰমাণ জুৱেলে দিব পৰা নাই।”
অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “২০১৯ চনত যেতিয়া মোৰ কেৰিয়াৰৰ ভাল সময় আছিল জুৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলো। তেওঁ মোৰ দ্বিতীয় স্বামী। আগৰ পত্নীৰ কথা গোপনে ৰাখি মোক বিয়া কৰাইছিল। এই কথা জনাৰ পিছত বিবাহিত জীৱনত অশান্তি আৰু অত্যাচাৰ নামি আহিল। এটা সময়ত মই সিদ্ধান্ত লৈছিলো যে তেওঁৰ লগত সংসাৰ নকৰো। নিৰ্যাতনৰ বাবে গোচৰ কেইবাবাৰো দিয়া হ’ল যদিও কোনো লাভ নহ’ল। বিয়াৰ আগতে কৈছিল যে অভিনয়ত কোনো অসুবিধা নহয়। কিন্তু বিয়াৰ পিছত জুৱেলে মোক অভিনয় কৰিবলৈ নিদিলে। বিয়াৰ পিছত মই মাৰ লগতে থাকিলোঁ। এবাৰ মোৰ প্ৰথম ঘৰৰ সন্তানক শ্বুটিঙৰ পৰা অপহৰণ কৰা হৈছিল। আগতে আৱামি লীগৰ নেতাৰ জৰিয়তে কেইবাবাৰো ভাবুকি দিছিল। মই তেওঁক দুবাৰ ডিৰ্ভোছ দিছিলোঁ। অৱশেষত ভিত্তিহীন গোচৰেৰে মোক হাৰাশাস্তি কৰিলে। ডিৰ্ভোছ প্ৰত্যাহাৰ কৰিলে গোচৰটো প্ৰত্যাহাৰ কৰা হ’ব বুলিও চৰ্ত দিয়া হয়।”
ৰোমানাই কয়, “সেই সময়ৰ ডি বি মুৰব্বীয়ে হাৰুণ জুৱেলক অপৰাধ সংঘটিত কৰাত সহায় কৰিছিল। গতিকে, উপায় নাই বাবেই এটা পৰ্যায়ত আপোচ কৰি গোচৰটো প্ৰত্যাহাৰ কৰি লওঁ। প্ৰথম বিবাহ বিচ্ছেদৰ পিছত কিছুদিন কথাবোৰ ভালকৈয়ে চলিছিল যদিও দ্বিতীয়বাৰ বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰাৰ সময়ত তেওঁলোকে মোক ফচাবলৈ মিছা গোচৰ ৰুজু কৰিছিল। মই গম পালোঁ যে ডি বিয়ে হাৰুণক তাৰ বাবে মোক গ্ৰেপ্তাৰ কৰিবলৈ বিপুল পৰিমাণৰ ধন দিছিল। ডেৰ মাহ জেলত থকাৰ পিছত ডিৰ্ভোছ দিব নোৱাৰে – সেই চৰ্তত জামিন দিয়ে। পৰিয়ালটোৰ কথা ভাবি মই এই চৰ্তত সন্মতি দিলোঁ।”
বিবাহ বিচ্ছেদৰ সময়ত জুৱেলে ভয়ভীতি দেখুৱাই নতুনকৈ কাবিন (চুক্তি অনুসৰি টকা দিয়া) অবিহনে ঘৰলৈ আহিছিল। মোৰ সন্তান আৰু পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল। পৰিয়ালটোৰ কথা ভাবি ইমান দিন সহ্য কৰি আহিছো। জেলৰ পৰা উভতি অহাৰ পিছত গম পালোঁ যে জুৱেল চৌদিলৈ গৈছে। সেই সুযোগতে মই আমেৰিকাৰ ভিছাৰ বাবে আবেদন কৰি তালৈ গৈছিলো। কিন্তু তেওঁৰ পৰা মই ৰেহাই পোৱা নাছিলো। নানাধৰণে মোক ভাবুকি দিছিল, গতিকে ইমান দিনে মই একো ক’ব পৰা নাছিলো। চৰকাৰৰ পতনৰ পিছত দেশলৈ ঘুৰি অহাৰ পাছত কিছুদিন অসুস্থ হৈ থকাৰ বাবেই এই বিষয়ে কথা কোৱা নাছিলোঁ৷ মই এতিয়াও কোনো গোচৰ ৰুজু কৰা নাই। কিন্তু অতি সোনকালে এই বিষয়ে সকলোৱে জানিব পাৰিব।”