• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৮ বাৰ বিয়া! প্ৰতাৰণাৰ গোচৰত কাৰাবাস, ৩ বছৰৰ মূৰত মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 3:08 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশী অভিনেত্ৰী ৰোমানা ইছলাম স্বৰ্ণাৰ ২৮ বাৰ বিয়া হৈছে। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছিল। এই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ বিষয়ে মুখ খুলিলে। ২০২১ চনত প্ৰৱঞ্চনা আৰু ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মডেল অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ ঢাকাত এখন সংবাদমেলত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ বিষয়ে মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে।

ৰোমানাই কয়, “মোক সুপৰিকল্পিতভাৱে মিছা অভিযোগৰ বলি কৰা হৈছে। প্ৰাক্তন স্বামী কামৰুল ইছলাম জুৱেলে মোক সেই সময়ত আৰক্ষী ব্যৱহাৰ কৰি জেললৈ পঠিয়াইছিল। তেতিয়াৰ ডি বি মুৰব্বী হাৰুণ-উৰ-ৰছিদ, গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল আৰু ফাজলে ৰাব্বিৰ নিৰ্দেশত মোক গ্ৰেপ্তাৰ কৰা হৈছিল। কেৱল সেয়াই নহয়, সেই সময়ত মোৰ স্বামীয়ে গোচৰৰ লগতে ২৮টা বিবাহৰ অপপ্ৰচাৰ চলাইছিল। এই সকলো অভিযোগ ভিত্তিহীন। আজিও তেওঁ এই অভিযোগৰ প্ৰমাণ দিব পৰা নাই। সংবাদ মাধ্যমৰ সন্মুখত মোক যিদৰে উপস্থাপন কৰা হৈছিল তাৰ কোনো প্ৰমাণ জুৱেলে দিব পৰা নাই।”

Apply Now

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “২০১৯ চনত যেতিয়া মোৰ কেৰিয়াৰৰ ভাল সময় আছিল জুৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলো। তেওঁ মোৰ দ্বিতীয় স্বামী। আগৰ পত্নীৰ কথা গোপনে ৰাখি মোক বিয়া কৰাইছিল। এই কথা জনাৰ পিছত বিবাহিত জীৱনত অশান্তি আৰু অত্যাচাৰ নামি আহিল। এটা সময়ত মই সিদ্ধান্ত লৈছিলো যে তেওঁৰ লগত সংসাৰ নকৰো। নিৰ্যাতনৰ বাবে গোচৰ কেইবাবাৰো দিয়া হ’ল যদিও কোনো লাভ নহ’ল। বিয়াৰ আগতে কৈছিল যে অভিনয়ত কোনো অসুবিধা নহয়। কিন্তু বিয়াৰ পিছত জুৱেলে মোক অভিনয় কৰিবলৈ নিদিলে। বিয়াৰ পিছত মই মাৰ লগতে থাকিলোঁ। এবাৰ মোৰ প্ৰথম ঘৰৰ সন্তানক শ্বুটিঙৰ পৰা অপহৰণ কৰা হৈছিল। আগতে আৱামি লীগৰ নেতাৰ জৰিয়তে কেইবাবাৰো ভাবুকি দিছিল। মই তেওঁক দুবাৰ ডিৰ্ভোছ দিছিলোঁ। অৱশেষত ভিত্তিহীন গোচৰেৰে মোক হাৰাশাস্তি কৰিলে। ডিৰ্ভোছ প্ৰত্যাহাৰ কৰিলে গোচৰটো প্ৰত্যাহাৰ কৰা হ’ব বুলিও চৰ্ত দিয়া হয়।”

ৰোমানাই কয়, “সেই সময়ৰ ডি বি মুৰব্বীয়ে হাৰুণ জুৱেলক অপৰাধ সংঘটিত কৰাত সহায় কৰিছিল। গতিকে, উপায় নাই বাবেই এটা পৰ্যায়ত আপোচ কৰি গোচৰটো প্ৰত্যাহাৰ কৰি লওঁ। প্ৰথম বিবাহ বিচ্ছেদৰ পিছত কিছুদিন কথাবোৰ ভালকৈয়ে চলিছিল যদিও দ্বিতীয়বাৰ বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰাৰ সময়ত তেওঁলোকে মোক ফচাবলৈ মিছা গোচৰ ৰুজু কৰিছিল। মই গম পালোঁ যে ডি বিয়ে হাৰুণক তাৰ বাবে মোক গ্ৰেপ্তাৰ কৰিবলৈ বিপুল পৰিমাণৰ ধন দিছিল। ডেৰ মাহ জেলত থকাৰ পিছত ডিৰ্ভোছ দিব নোৱাৰে – সেই চৰ্তত জামিন দিয়ে। পৰিয়ালটোৰ কথা ভাবি মই এই চৰ্তত সন্মতি দিলোঁ।”

বিবাহ বিচ্ছেদৰ সময়ত জুৱেলে ভয়ভীতি দেখুৱাই  নতুনকৈ কাবিন (চুক্তি অনুসৰি টকা দিয়া) অবিহনে ঘৰলৈ আহিছিল। মোৰ সন্তান আৰু পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল। পৰিয়ালটোৰ কথা ভাবি ইমান দিন সহ্য কৰি আহিছো। জেলৰ পৰা উভতি অহাৰ পিছত গম পালোঁ যে জুৱেল চৌদিলৈ গৈছে। সেই সুযোগতে মই আমেৰিকাৰ ভিছাৰ বাবে আবেদন কৰি তালৈ গৈছিলো। কিন্তু তেওঁৰ পৰা মই ৰেহাই পোৱা নাছিলো। নানাধৰণে মোক ভাবুকি দিছিল, গতিকে ইমান দিনে মই একো ক’ব পৰা নাছিলো। চৰকাৰৰ পতনৰ পিছত দেশলৈ ঘুৰি অহাৰ পাছত কিছুদিন অসুস্থ হৈ থকাৰ বাবেই এই বিষয়ে কথা কোৱা নাছিলোঁ৷ মই এতিয়াও কোনো গোচৰ ৰুজু কৰা নাই। কিন্তু অতি সোনকালে এই বিষয়ে সকলোৱে জানিব পাৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd