• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 6:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতে দেশখনৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে এক শক্তিশালী বাৰ্তা দিছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছক সম্বোধন কৰি তেওঁ স্পষ্টকৈ কয় যে ৰাষ্ট্ৰীয় নিৰ্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰিব লাগিব, সেনাৰ কামত হস্তক্ষেপ সহ্য কৰা নহ’ব আৰু নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্তত সেনাক জড়িত কৰিব লাগিব।

বুধবাৰে ঢাকাৰ সেনা চৌহদত ‘দৰবাৰ’ত সম্বোধন কৰি এই বাৰ্তা প্ৰদান কৰে সেনা প্ৰধানগৰাকীয়ে। এই অনুষ্ঠানত সেনাবাহিনীৰ প্ৰায় সকলো ৰেংকৰ উচ্চ পদস্থ বিষয়া যুদ্ধৰ সাজ-পোছাকত উপস্থিত আছিল। এই ‘শক্তি প্ৰদৰ্শন’ আচলতে আছিল এক শক্তিশালী ৰাজনৈতিক ইংগিত।

Apply Now

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক হিংসাত্মক পদ্ধতিৰে অপসাৰণ কৰাৰ পিছত সামৰিক বাহিনীৰ প্ৰত্যক্ষ তত্বাৱধানত এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছিল। কিন্তু জেনেৰেল ৱাকাৰে পোনপটীয়াকৈ ক্ষমতা দখল কৰা নাছিল। তেওঁৰ ঘনিষ্ঠসকলৰ মতে তেওঁ ইতিহাসৰ পৰা শিক্ষা লৈ আগবাঢ়িছে— যিসকলে পূৰ্বতে সামৰিক অভ্যুত্থানৰ জৰিয়তে বাংলাদেশত ক্ষমতা দখল কৰিছিল তেওঁলোকৰ কৰুণ পৰিণতি হৈছে।

ৱাকাৰৰ লক্ষ্য তিনিটা-গণতন্ত্ৰ ঘূৰাই অনা, ৰাজনৈতিক স্থিতিশীলতা বজাই ৰখা আৰু সেনাবাহিনীৰ পেছাদাৰী ভাবমূর্তি বজাই ৰখা।

এই কাৰণেই তেওঁ বিচাৰে আগতীয়াকৈ নিৰ্বাচন হওক, সেনাবাহিনী পুনৰ বেৰেকলৈ উভতি যাওক আৰু জনতাৰ চৰকাৰ গঠন হওক।

সেনা প্ৰধানগৰাকীয়ে মূলতঃ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছৰ দ্বৈত ভূমিকাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে। ইউনিছে শ্বেখ হাছিনাৰ বিৰুদ্ধে নিৰ্বাচনী ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে অথচ নিজে নিৰ্বাচিত প্ৰতিনিধি নোহোৱাকৈয়ে দেশত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।

সেনা সূত্ৰৰ মতে বৈদেশিক বাহিনীৰ সহযোগত ৰাজপথত অস্থিৰতাৰ সৃষ্টি কৰি সেনাধ্যক্ষক অপসাৰণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ইউনিছে। সেয়ে, মঙলবাৰৰ বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীসকলো অন্তৰ্ভুক্ত থকা শক্তিশালী বাৰ্তাটো আছিল এক বহুমুখী বাৰ্তা—সেনা ঐক্যবদ্ধ, ই আৰু “আন্ধাৰত নাথাকে,” আৰু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গোপন আপোচ সহ্য নকৰে।

ভাষণত সেনাধ্যক্ষগৰাকীয়ে বিশেষভাৱে চট্টগ্ৰামৰ পৰা ম্যানমাৰৰ ৰাখাইন প্ৰদেশলৈ প্ৰস্তাৱিত কৰিডৰৰ কথা উল্লেখ কৰে। ইউনুছ চৰকাৰে দাবী কৰে যে এইটো এটা ‘মানৱীয় সাহায্য কৰিডৰ’, কিন্তু বাস্তৱত এই কৰিড’ৰটোক আমেৰিকাৰ সামৰিক সামগ্ৰী প্ৰেৰণৰ পথ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব যিটো ম্যানমাৰৰ বিদ্ৰোহীৰ হাতত পৰিব পাৰে।

জেনেৰেল ৱাকাৰে এই কৰিডৰটোক “ৰক্তাক্ত কৰিডৰ” বুলি অভিহিত কৰিছে আৰু কৈছে, “বাংলাদেশ আন কাৰোবাৰ যুদ্ধক্ষেত্ৰ হ’ব নোৱাৰে।”

এই প্ৰকল্পৰ নেতৃত্বত আছে নৱনিযুক্ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা খলিলুৰ ৰহমান যি এজন প্ৰাক্তন কূটনীতিবিদ আৰু বৰ্তমানৰ আমেৰিকাৰ নাগৰিক। বুধবাৰে তেওঁ কয় যে কৰিডৰটোৰ কোনো “সামৰিক মাত্ৰা” নাই যদিও সেনা প্ৰধানৰ বক্তব্যত স্পষ্ট হৈ পৰিছে যে সেনা এই প্ৰকল্পৰ পক্ষত একেবাৰেই নহয়।

ৰাজনৈতিক গুণাগঁথাৰ পৰা অনুমান কৰিব পাৰি যে ইউনুছে জেনেৰেল ৱাকাৰৰ ঠাইত সেনা প্ৰধান হিচাপে লেফটেনেণ্ট জেনেৰেল কামৰুল হাছানক নিযুক্তি দিব বিচাৰিছে, যিজন সশস্ত্ৰ বাহিনী বিভাগৰ মুৰব্বী আৰু পোনপটীয়াকৈ মুখ্য উপদেষ্টাক প্ৰতিবেদন দিয়ে। সামৰিক সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁৰ এক বিদেশ ভ্ৰমণ আৰু আমেৰিকাৰ কূটনীতিবিদৰ সৈতে অকৰ্তৃত্বশীল বৈঠকে জেনেৰেল ৱাকাৰক ক্ষুব্ধ কৰি তুলিছে।

এনে পৰিস্থিতিত সেনাই বিচাৰে ইউনুছে কামৰুল হাছানকে ধৰি কিছুমান বিষয়াক অপসাৰণ কৰক যাৰ ওপৰত সেনাই বিশ্বাস নকৰে।

কেৱল সেনাবাহিনীয়েই নহয়, আৱামী লীগ, বিএনপি, বাওঁপন্থী দলসমূহেও ৰাখাইন কৰিডৰৰ স্পষ্ট বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে, ম্যানমাৰৰ পৰা বন্দৰলৈ চীনৰ প্ৰৱেশ বন্ধ কৰাৰ লক্ষ্যৰে ই আমেৰিকাৰ কৌশলৰ অংশ।

এই প্ৰেক্ষাপটত জেনেৰেল ৱাকাৰৰ বাৰ্তা কেৱল প্ৰশাসনিক নিৰ্দেশনা নহয়—এয়া এনে এক সিদ্ধান্ত যিয়ে সম্ভাৱনাপূৰ্ণভাৱে বাংলাদেশৰ ৰাজনৈতিক ভৱিষ্যত ঘূৰাই দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd