বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত পুনৰ পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। শেহতীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বিএনপি)য়ে জয়লাভ কৰাৰ পাছতেই দেশখনত আৱামী লীগৰ বন্ধ কাৰ্যালয়সমূহৰ দুৱাৰ পুনৰ মুকলি হ’বলৈ ধৰিছে। দেশখনৰ কেইবাঠাইতো আৱামী লীগৰ কাৰ্যালয় মুকলি হোৱাৰ লগতে একাংশ নেতা-কৰ্মীয়ে বন্ধ কাৰ্যালয়ত পুনৰ প্ৰৱেশৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। তাৰেক ৰহমানৰ প্ৰত্যাৱৰ্তন আৰু প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত প্ৰায় দুবছৰ ধৰি আত্মগোপন কৰি থকা আৱামী লীগে পুনৰ দেশৰ ৰাজনীতিলৈ ঘূৰি আহিব নেকি, তাক লৈ চলিছে সৰৱ চৰ্চা। লগতে নিৰ্বাসিত নেত্ৰী শ্বেখ হাছিনা পুনৰ সক্ৰিয় হৈ পৰিছে নেকি, সেই প্ৰশ্নও উত্থাপন হৈছে।
আৱামী লীগৰ নেতা-কৰ্মীসকলে ইটোৰ পাছত সিটোকৈ কাৰ্যালয় মুকলি কৰাৰ লগে লগে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। কৰ্মীসকলে নিজা উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰিছে নে দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত, সেয়া এতিয়াও স্পষ্ট নহয়। একাংশৰ মতে, ইয়াৰ আঁৰত বিএনপি বা আন কোনো শক্তিৰ মৌন সমৰ্থন থকাৰো সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ২০২৪ চনৰ আগষ্ট মাহত হোৱা তীব্ৰ গণ-আন্দোলনৰ ফলত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু আৱামী লীগ চৰকাৰৰ পতন ঘটিছিল। পৰৱৰ্তী সময়ত ড° মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰে ২০২৫ চনৰ মে’ মাহত আৱামী লীগৰ সকলো ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনত দলটোৰ ছাত্ৰ সংগঠনৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই কাৰণেই আৱামী লীগে শেহতীয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিব পৰা নাছিল। সেই সময়ছোৱাত সমগ্ৰ দেশতে আৱামী লীগৰ কাৰ্যালয়সমূহত ব্যাপক আক্ৰমণ আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল। আনকি ধানমণ্ডিৰ ৩২ নম্বৰত থকা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহটোও দুৰ্বৃত্তই ধ্বংস কৰিছিল।
শেহতীয়া নিৰ্বাচনৰ অন্তত তাৰেক ৰহমানৰ নেতৃত্বত বিএনপি চৰকাৰ গঠন হোৱাৰ পাছতেই ঢাকাকে ধৰি কেইবাখনো জিলা আৰু উপজিলাত আৱামী লীগৰ নেতা-কৰ্মীয়ে দলীয় কাৰ্যালয়সমূহ পুনৰ মুকলি কৰে। অৱশ্যে, কোনো কোনো স্থানত কাৰ্যালয় মুকলি কৰাক কেন্দ্ৰ কৰি পুনৰ সংঘাত আৰু আক্ৰমণৰ ঘটনাও সংঘটিত হৈছে।
ইমান দিনে আত্মগোপন কৰি থকা দলটো হঠাৎ সক্ৰিয় হৈ পৰাৰ কাৰণ সম্পৰ্কে আৱামী লীগৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক এ এফ এম বাহাউদ্দিন নাছিমে বিবিচি বাংলাক কয়, “আমাৰ দলৰ কাৰ্যালয়সমূহ আনুষ্ঠানিকভাৱে জব্দ কৰা হোৱা নাছিল বা তালৈ যোৱাত কোনো বাধা নাই। ড° ইউনুছৰ অবৈধ চৰকাৰৰ বিদায়ৰ পাছত দেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব আৰু ৰাজনৈতিক কাৰ্যকলাপ পুনৰ মুকলি হ’ব বুলি আশা কৰিয়েই তৃণমূল পৰ্যায়ৰ কৰ্মীসকল কাৰ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছে।”
দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শ্বেখ হাছিনাই নিয়মিতভাৱে বিভিন্ন ম’বাইল এপ্লিকেশ্যনৰ জৰিয়তে দলীয় নেতাসকলৰ সৈতে যোগাযোগ ৰাখিছে আৰু তেৱেঁই কৰ্মীসকলক কাৰ্যালয়লৈ যোৱাৰ পৰামৰ্শ দিছে। আনহাতে, একাংশ জিলা পৰ্যায়ৰ নেতাৰ মতে, নিৰ্বাচনৰ পূৰ্বে বিএনপি আৰু জামায়াতে ইছলামীৰ প্ৰভাৱশালী নেতাসকলে ভোটৰ স্বাৰ্থত আৱামী লীগৰ স্থানীয় নেতাসকলৰ সৈতে যোগাযোগ কৰিছিল। সেই সময়তে নিৰ্বাচনৰ পাছত আৱামী লীগক কাৰ্যালয়সমূহ মুকলি কৰিবলৈ দিয়া হ’ব বুলি গোপন আশ্বাস প্ৰদান কৰা হৈছিল।
লক্ষ্যণীয়ভাৱে, নিৰ্বাচনৰ পিছদিনাই পঞ্চগড়ত আৱামী লীগৰ এটা কাৰ্যালয়ৰ তলা স্থানীয় বিএনপি নেতাৰ উপস্থিতিত মুকলি কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, যাৰ ফলত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে বিগত এসপ্তাহত চান্দপুৰ, ঠাকুৰগাঁও, সাতক্ষীৰা, বৰগুনাৰ বেতাগী, পটুৱাখালীৰ দশমিনা আৰু খুলনাত আৱামী লীগৰ নেতা-কৰ্মীসকলে নিজৰ দলীয় কাৰ্যালয়সমূহত পুনৰ সক্ৰিয় হৈ পৰা দেখা গৈছে।





