• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ আদালতে বাতিল কৰিলে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2024 10:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ আদালতে অস্ত্ৰ সৰবৰাহৰ গোচৰত আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ মৃত্যুদণ্ড বাতিল কৰিছে। একেটা গোচৰতে বাংলাদেশৰ প্ৰাক্তন গৃহ ৰাজ্য মন্ত্ৰী লুটফুজ্জামান বাবৰকে ধৰি ৬ জনৰ মৃত্যুদণ্ডও বাতিল কৰা হৈছে।

এই গোচৰত ডেথ ৰেফাৰেন্স (মৃত্যুদণ্ডৰ শাস্তি অনুমোদন) আৰু দোষীসকলৰ আবেদন গোচৰৰ শুনানিৰ পিছত ন্যায়াধীশ মুস্তাফা জামান ইছলাম আৰু ন্যায়াধীশ নাছৰিন আখতাৰৰ বিভাগীয় বিচাৰপীঠে এই ৰায়দান কৰে। বুধবাৰে এই ৰায়দান প্ৰদান কৰা হয়।

Apply Now

ইয়াৰ পূৰ্বে ১০খন ট্ৰাকত অস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধত তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। এই গোচৰত লুটফুজ্জামান বাবৰ আৰু অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ৰেজ্জাকুল হাইদৰ চৌধুৰীকে ধৰি চাৰিজন লোকক দোষমুক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।

আজিৰ দিনটোতে আদালতে সেই গোচৰত মৃত্যুদণ্ডৰ শাস্তি পোৱা আন ছয়জন ব্যক্তিৰ শাস্তি ১০ বছৰলৈ হ্ৰাস কৰে। লগতে বিচ্ছিন্নতাবাদী সংগঠন আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ মৃত্যুদণ্ড বাতিল যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

জানিব পৰা মতে, ২০০৪ চনৰ ১ এপ্ৰিলত চট্টগ্ৰামৰ চি ইউ এফ এল ঘাটৰ পৰা ১০খন অস্ত্ৰ ভৰ্তি ট্ৰাক জব্দ কৰা হৈছিল। এই সন্দৰ্ভত কৰ্ণাফুলি থানাত অস্ত্ৰ আইন আৰু বিশেষ ক্ষমতা আইনৰ অধীনত দুটা গোচৰ ৰুজু কৰা হয়।

এই গোচৰ ৰুজু হোৱাৰ সময়ত বাংলাদেশত বিএনপি ক্ষমতাত আছিল। সেই চৰকাৰৰ মন্ত্ৰী আছিল লুটফুজ্জামান। সেই সময়ত পৰেশ বৰুৱাই বাংলাদেশৰ পৰা ভাৰতত ‘অভিযান’ চলাই আছিল।

সূত্ৰ অনুসৰি সেই গোচৰত যিসকলৰ নাম উল্লেখ কৰা হৈছিল তেওঁলোকক মেট্ৰ’পলিটান চেচন জজ আদালত আৰু বিশেষ ন্যায়াধিকৰণ-১ য়ে শাস্তি প্ৰদান কৰিছিল। ২০১৪ চনৰ ৩০ জানুৱাৰীত এই ৰায়দান দিয়া হৈছিল। তাত ১৪ জন লোকৰ ফাঁচীৰ নিৰ্দেশ দিয়া হয়। ইয়াৰ ভিতৰত বাংলাদেশৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী তথা জামাত-ই-ইছলামীৰ আমিৰ মতিউৰ ৰহমান নিজামীক ফাঁচী দিয়া হয়। আন এটা গোচৰত এই ফাঁচী কাৰ্যকৰী কৰা হৈছিল।

তেতিয়াই পৰেশ বৰুৱাক ফাঁচীৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ পিছত ২০১৪ চনৰ ৬ ফেব্ৰুৱাৰীৰ ৰায়দানৰ সৈতে গোচৰৰ নথি-পত্ৰ উচ্চ ন্যায়ালয়ৰ ডেথ ৰেফাৰেন্স শাখালৈ প্ৰেৰণ কৰা হয়। শাস্তি লাভ কৰাসকলে ২০১৪ চনত উচ্চ ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে পৃথক আবেদন দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd