• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশত ত্ৰয়োদশ সংসদীয় নিৰ্বাচন: শ্বেখ হাছিনাৰ পতনৰ পিছত প্ৰথমটো বৃহৎ ভোটদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 10:58 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ আগষ্ট মাহত এক অভূতপূৰ্ব ছাত্ৰ-গণঅভ্যুত্থানৰ ফলত সুদীৰ্ঘ ১৫ বছৰীয়া শ্বেখ হাছিনা শাসনৰ যৱনিকা পৰাৰ পিছত, বাংলাদেশে আজি এক নতুন ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে ভোটদান সাব্যস্ত কৰিছে। দেশখনৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ এই ক্ষণ কেৱল চৰকাৰ সলনিৰ এক প্ৰক্ৰিয়াই নহয়, বৰঞ্চ ই হ’ল স্বৈৰাচাৰী শাসনৰ অৱসানৰ পিছত গণতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু ৰাজনৈতিক সংস্কাৰৰ এক অগ্নিপৰীক্ষা। প্ৰায় ১২.৭ কোটি ভোটাৰৰ ভাগ্য নিৰ্ণয় হ’বলগীয়া এই নিৰ্বাচনত বিশেষকৈ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা আৰু দেশৰ প্ৰশাসনিক গাঁথনিৰ আমূল পৰিৱৰ্তনৰ যি সংকল্প লৈ গণভোট অনুষ্ঠিত হৈছে, সেয়া সমগ্ৰ দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিৰ বাবে এক অত্যন্ত তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে।

দেশখনৰ মুঠ ৩০০খন সংসদীয় আসনৰ ভিতৰত ২৯৯খন আসনৰ বাবে আজি স্থানীয় সময় অনুসৰি পুৱা ৭:৩০ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। এজন প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ বাবে এটা সমষ্টিৰ নিৰ্বাচন স্থগিত ৰখা হৈছে। এই নিৰ্বাচনত ৫০টা ৰাজনৈতিক দলৰ মুঠ ১,৭৫৫ গৰাকী প্ৰাৰ্থী আৰু ২৭৩ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যাৰ ভিতৰত ৮৩ গৰাকী মহিলা প্ৰাৰ্থী আছে।

Apply Now

বাংলাদেশৰ নিৰ্বাচনী ইতিহাসত সৰ্ববৃহৎ নিৰাপত্তাৰ ব্যৱস্থা গঢ়িতোলা হৈছে। প্ৰায় ১০ লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰথমবাৰৰ বাবে ড্ৰ’ন, শৰীৰত পৰিধান কৰা কেমেৰা, আৰ্মৰড পাৰ্ছনেল কেৰিয়াৰ (APC) আৰু ৰেপিড একচন টিম (RAT) আদি ব্যৱহাৰ কৰা হৈছে। ঢাকাৰ ২,১৩১টা ভোটকেন্দ্ৰৰ ভিতৰত ১,৬১৪টাক আৰক্ষীয়ে ‘বিপদজনক’ বুলি চিহ্নিত কৰিছে, যদিও সেনাই কেৱল দুটা কেন্দ্ৰক হে ‘বিপজ্জনক’ আখ্যা দিছে।

যোৱা বছৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগ ভংগ কৰি দিয়াৰ ফলত এই নিৰ্বাচনী প্ৰতিযোগিতা মূলতঃ বাংলাদেশ জাতীয়তাবাদী দল (BNP) আৰু ইয়াৰ প্ৰাক্তন মিত্ৰ জামাত-ই-ইছলামীৰ মাজত আৱদ্ধ হৈ পৰিছে। বিএনপি-য়ে সৰ্বাধিক ২৯১ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

সংসদীয় নিৰ্বাচনৰ সমান্তৰালকৈ চৰকাৰে এক ৮৪-দফীয়া জটিল সংস্কাৰ পেকেজৰ ওপৰতো গণভোট অনুষ্ঠিত কৰিছে। এই সংস্কাৰসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সীমা নিৰ্ধাৰণ আৰু কাৰ্যবাহী ক্ষমতাৰ ওপৰত অধিক নিয়ন্ত্ৰণ আদি উল্লেখযোগ্য ব্যৱস্থা অন্তৰ্ভুক্ত আছে।

প্ৰায় ১২.৭ কোটি ভোটাৰৰ ভিতৰত ৫ নিযুত প্ৰথমবাৰৰ ভোটাৰৰ ভূমিকা এই নিৰ্বাচনত নিৰ্ণায়ক হ’ব বুলি ধাৰণা কৰা হৈছে। লগতে, পঞ্জীয়নভুক্ত প্ৰায় ৮ লাখ প্ৰবাসী বাংলাদেশীয়ে প্ৰথমবাৰৰ বাবে আই টি ভিত্তিক ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুবিধা লাভ কৰিছে। ৪৫ খন দেশৰ প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই নিৰ্বাচন নিৰীক্ষণ কৰি আছে। বিয়লি ৪:৩০ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে ভোট গণনা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd