৪ কিলোগ্ৰাম নৰমাংসৰ সন্ধান! বাংলাদেশৰ সাংসদ হত্যাকাণ্ডৰ তদন্তত চাঞ্চল্যকৰ পৰিবৰ্তন

চলিত মাহতে চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন হৈছিল বাংলাদেশৰ সাংসদ আনৱাৰুল আজিম। কলিকতাত নিৰুদ্দেশ হোৱা সাংসদ জনক কেইবাদিনো ধৰি চলোৱাৰ সন্ধানৰ পিছত আৰক্ষীয়ে জানিব পাৰিছিল যে সাংসদগৰাকী হত্যাৰ বলি হৈছে।

যোৱা ২২ মে’ৰ পৰা বাংলাদেশৰ সাংসদগৰাকীৰ মৃতদেহৰ সন্ধান আৰম্ভ হৈছিল। বাংলাদেশী আৰু ভাৰতৰ আৰক্ষীয়ে বিভিন্ন ধৰণে তদন্ত কৰি আছিল। একেৰাহে সাত দিন বিভিন্ন ঠাইত তালাচী চলাই অৱশেষত চি আই ডিয়ে সেই কলিকতাৰ নিউটাউনৰ এটা বাসগৃহৰ ছেফটি টেংকৰ পৰা সাংসদগৰাকীৰ মৃতদেহৰ অংগসমূহ উদ্ধাৰ কৰে।

ইয়াৰ পিছতেই সাংসদগৰাকীৰ হত্যাকাণ্ডৰ তদন্তলৈ আহিছে চাঞ্চল্যকৰ পৰিৱৰ্তন। নিউটাউনৰ বাসগৃহটোৰ নিৰাপত্তাৰক্ষীৰ ছেফটি টেংকত উদ্ধাৰ হৈছে প্ৰায় ৪ কেজি মাংস।

ইতিমধ্যে বাংলাদেশী সংসদ সদস্যজনৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে কলিকতাত উপস্থিত হৈছে বাংলাদেশৰ আৰক্ষী। বাংলাদেশ আৰক্ষী আৰু পশ্চিমবংগৰ চি আই ডিৰ চোৰাংচোৱা দলে পাৰস্পৰিক তথ্য বিনিময়ৰ জৰিয়তে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে অমানুল্লাহ নামৰ এজন ব্যক্তিক জেৰা কৰি বাংলাদেশ আৰক্ষীয়ে এই বিষয়ত অগ্ৰগতি লাভ কৰিছিল। সেই বিষয়টো বাংলাদেশ আৰক্ষীয়ে পশ্চিমবংগৰ চি আই ডিক অৱগত কৰিছিল। বাংলাদেশ আৰক্ষী আৰু চি আই ডিৰ যৌথ তালাচীৰ অন্তত ফ্লেটটোৰ ছেফটি টেংকৰ পৰা উদ্ধাৰ হয় মৃতদেহৰ অংগ।

জানিব পৰা মতে, নিউটাউনৰ সেই বাসগৃহৰ নিৰাপত্তাৰক্ষী টেংকত মানুহৰ মাংসৰ উপৰিও চুলিও পোৱা গৈছিল। তদন্তকাৰী বিষয়াসকলে ভাবে যে সকলো বাংলাদেশৰ মৃত সাংসদগৰাকীৰেই অংগ।

বাংলাদেশৰ সংসদ সদস্যগৰাকীৰ হত্যাকাণ্ডৰ তদন্তত ইতিমধ্যে কিছু তথ্য লাভ কৰিছে দুই দেশৰ আৰক্ষীয়ে। ইয়াৰ উপৰিও ঢাকা মহানগৰ আৰক্ষীয়েও এই গোচৰত বাংলাদেশৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।