NORTHEAST NOW (Assamese)

বাংলাদেশত সমকামী অধিকাৰ কৰ্মী হত্যা সন্দৰ্ভত আৰক্ষীৰ চাৰ্জ শ্বিট দাখিল

May 13, 2019 6:30 pm · এন ই নাও নিউজ
বাংলাদেশত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সমকামী অধিকাৰ কৰ্মীগৰাকী

বাংলাদেশত দুগৰাকী সমকামী অধিকাৰ কৰ্মীক হত্যা কৰা ঘটনা সন্দৰ্ভত ঢাকা আৰক্ষীৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী গোটে দেওবাৰে আনচাৰ অল ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ আঠগৰাকী ইছলামীয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জ শ্বিট দাখিল কৰে।

ঢাকা আৰক্ষী অধীক্ষক মহিবুল ইছলাম খানে কয় যে চাৰ্জ শ্বিট দাখিল কৰা আঠগৰাকী সন্ত্ৰাসবাদীৰ ভিতৰত চাৰিগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিন্তু আন চাৰিগৰাকী সন্ত্ৰাসবাদী এতিয়াও পলাতক অৱস্থাত আছে।

এল জি বি টি আলোচনীৰ সম্পাদক জুলহান মান্নান আৰু সহকাৰী সমকামী কৰ্মী মেহবুব তনয়ক তেওঁলোকৰ ঢাকাত থকা বাসগৃহত ২০১৬ চনত অচিনাক্ত সন্ত্ৰাবাদীয়ে হত্যা কৰিছিল।

আৰক্ষীয়ে সন্দেহ কৰা মতে আনচাৰ অল ইছলাম নামৰ সন্ত্ৰাসাদী সংগঠনটোৱে দেশখনত ২০১৩ চনৰ পৰা ধাৰাবাহিকভাবে সংবাদিক, মানৱ অধিকাৰ কৰ্মী, ধৰ্মীয় সংখ্যালঘু কৰ্মী আৰু বিদেশী নাগৰিক সকলক দেশখনত হত্যা কৰা কাণ্ডত জড়িত হৈ আছে।

মুছলমান সংখ্যা প্ৰধান বাংলাদেশত সমকামীসকলৰ ওপৰত বহু দিনৰ পৰা অত্যাচাৰ কৰি অহা হৈছে।  দণ্ডাবিধি আইনৰ ৩৭৭ ধাৰা অনুসৰি দেশখনত সমকামিতা নিষিদ্ধ।

উল্লেখযোগ্য যে, মৃত্যুৰ পূৰ্বে মান্নানে বাংলাদেশৰ একমাত্ৰ এল জি বি টি আলোচনী ৰূপবাহনৰ সম্পাদক হিচাপে কাম কৰিছিল। তেওঁ বাংলাদেশত সমকামী সকলৰ অধিকাৰ বিচাৰি ২০১৪ চনত প্ৰথম বাৰৰ বাবে ‘ৰেইনবো’ ৰেলী অনুষ্ঠিত কৰিছিল।

Related News