• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন; অসমত কূটনীতিকৰ কনভয়ত আক্ৰমণৰ প্ৰতিবাদ বাংলাদেশৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2019 11:11 am

2 min read

WhatsApp-Image-2019-12-11-at-1.43.56-PM-1140x570

গুৱাহাটীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে বুধবাৰে হোৱা উত্তাল প্ৰতিবাদ।

6.4k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে গুৱাহাটীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা প্ৰবল প্ৰতিবাদৰ মাজতে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।

তদুপৰি, বাংলাদেশৰ সহকাৰী উচ্চায়োগৰ দুখন চিহ্নফলক ভাঙি পেলোৱা হৈছিল।

এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে বাংলাদেশৰ বৈদেশিক সচিব কামৰুল এহছানে বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাংগুলী দাসক বৃহস্পতিবাৰে সন্ধিয়া দেশখনৰ বিদেশ মন্ত্ৰালয়লৈ মাতি পঠিয়ায় আৰু উচ্চায়ুক্তৰ কাৰ্যালয়ত অতিৰিক্ত সুৰক্ষা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

সূত্ৰ অনুসৰি, গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভীৰ মনছুৰক এছক’ৰ্ট দিয়া সুৰক্ষা বাহনত বুধবাৰে প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিছিল।

একাংশ প্ৰতিবাদকাৰীয়ে লগতে বাংলাদেশৰ সহকাৰী উচ্চায়োগৰ চৌহদৰ দুখত চিহ্নফলকো ভাঙি পেলায়।

‘’মনছুৰে বুধবাৰে দিল্লীৰ এক আলোচনাৰ পৰা উভতি আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিমানবন্দৰত আৱদ্ধ হৈ পৰে। সুৰক্ষা বিষয়াসকলে তেওঁক বিমানবন্দৰৰ পৰা উলিয়াই আনে। নিজৰ আয়োগলৈ গৈ থকা অৱস্থাত একাংশ প্ৰতিবাদকাৰীয়ে এখন এছক’ৰ্টৰ বাহনত আক্ৰমণ কৰে। মনছুৰৰ কোনো ক্ষতি নোহোৱাৰ লগতে তেওঁৰ বাহনতো অৱশ্যে আক্ৰমণ কৰা হোৱা নাছিল,’’- সূত্ৰই জানিবলৈ দিয়ে।

জানিব পৰা মতে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তই ঢাকাৰ কৰ্তৃপক্ষক আশ্বাস দিছে যে নতুন দিল্লীয়ে তাৎক্ষণিকভাৱে গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় আৰু বাসভৱনত সুৰক্ষা বৃদ্ধি কৰিবলৈ সতৰ্ক কৰি দিছে।

অৱশ্যে বাংলাদেশ চৰকাৰে উক্ত বিক্ষিপ্ত ঘটনাই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ নেপেলায় বুলি ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে শ্বেখ হাছিনা চৰকাৰৰ দুগৰাকী শীৰ্ষ মন্ত্ৰী ক্ৰমে বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেন আৰু গৃহ মন্ত্ৰী আছাদুজ্জামান খানে তেওঁলোকৰ ভাৰত ভ্ৰমণ স্থগিত কৰিছে।

তেওঁলোকে কয় যে মতুন নাগৰিকত্ব আইনে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ চৰিত্ৰক দুৰ্বল কৰিব। তেওঁলোকে দেশখনত সংখ্যালঘুসকলে ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগো প্ৰত্যাখ্যান কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd