• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল বাংলাদেশৰ ছচিয়েল মিডিয়াৰ নায়ক হিৰ’ আলম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 4:02 pm
hero-alam-wife-750x375

হিৰ' আলম আৰু ছদিয়া আখতাৰ ছুমি। ফটো উৎস : বাংলাদেশ ২৪ ডটকম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌতুকৰ বাবে পত্নীক প্ৰহাৰ কৰাৰ অভিযোগত বাংলাদেশ আৰক্ষীয়ে ছচিয়েল মিডিয়াৰ নায়ক আশ্ৰাফুল হুছেইন আলমক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে যে তেওঁলোকে হিৰ’ আলম হিচাপে পৰিচিত ছচিয়েল মিডিয়াৰ নায়কগৰাকীক বুধবাৰে নিশা আটক কৰে।

সোমবাৰে অভিযুক্তই প্ৰহাৰ কৰাৰ পাছত আলমৰ পত্নী ছদিয়া আখতাৰ ছুমি বৰ্তমান বগুৰা ছহিদ জিয়াউৰ ৰহমান মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে।

Apply Now

তেওঁৰ পিতৃ ছফিউল আলমে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ মঙলবাৰে ছুমিক পতি আলমৰ গৃহৰ পৰা উদ্ধাৰ কৰি হাস্পাতলত ভৰ্তি কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে ২৮ বছৰীয়া ছুমিয়ে মূৰৰ পিছফালে আঘাত পাইছে। ‘বাংলাদেশ ২৪ ডটকম’ত এইকথা প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে আলমে ছচিয়েল মিডিয়াত জোকাৰণি তোলা তেওঁৰ অপেছাদাৰী মিউজিক ভিডিঅ’ৰ জৰিয়তে খ্যাতি লাভ কৰিছিল। তদুপৰি, তেওঁ যোৱা ৩০ ডিচেম্বৰত লোকসভা নিৰ্বাচনত এইচ এম এৰছাদ জাতীয় পাৰ্টিৰ পৰা টিকট নোপোৱাৰ পাছত এগৰাকী নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ৰাজনৈতিক ক্ষেত্ৰখনতো পৰিচিত হৈ পৰে।

আনহাতে, আলমে  তেওঁৰ পত্নী আৰু শহুৰেকৰ বিৰুদ্ধে তেওঁক প্ৰহাৰ কৰা আৰু  তেওঁৰ গৃহৰ পৰা ৫০০,০০০ টকা লৈ যোৱা বুলি অভিযোগ তুলি আৰক্ষীৰ আগত অভিযোগ দাখিল কৰে।

বগুৰা সদৰ আৰক্ষী উপ-পৰিদৰ্শক আব্দুৰ ৰহিমে কয় যে মঙলবাৰে নিশা আলম তেওঁলোকৰ থানালৈ আহি অভিযোগ দাখিল কৰিছিল যে তেওঁক সন্ধিয়া এক পাৰিবাৰিক সংঘাতৰ পাছত ছফিউল, ছুমি আৰু আন তিনিজন লোকে প্ৰহাৰ কৰিছিল।

‘’মই বুধবাৰে ৰাতিপুৱা ঘটনাস্থলীলৈ গৈছিলো আৰু জানিব পাৰিছিলো যে হিৰ’ আলমে নিজেও তেওঁৰ পত্নীক প্ৰহাৰ কৰিছিল। তেওঁক চিকিৎসাৰ বাবে হাস্পাতললৈ লৈ যোৱা হৈছিল। দুয়োপক্ষই অভিযোগ দাখিল কৰিছে,’’ –উপ পৰিদৰ্শক ৰহিমে কয়।

সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰাখি ছুমিয়ে অভিযোগ কৰে যে আলমে আন এগৰাকী মহিলাৰ লগত সম্পৰ্ক গঢ়ি তুলি মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত তেওঁৰ আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ চেৱাচিতা বন্ধ কৰি দিছিল।

আলমে ইয়াৰ পূৰ্বে তেওঁক ‘দ্বিতীয় বিবাহ’ৰ বিৰোধিতা কৰাৰ বাবেও প্ৰহাৰ কৰিছিল বুলিও ছুমিয়ে জনায়।

ছচিয়েল মিডিয়াৰ নায়কগৰাকীয়ে সোমবাৰে নিশা নগৰখনৰ দাঁতিকাষৰীয়া এৰুলিয়া গাঁৱৰ ঘৰলৈ দুমাহ পাছত আহিছিল আৰু তিনিঘন্টা ধৰি এগৰাকী মহিলাৰ সৈতে ফোনত কথা পাতিছিল বুলিও পত্নীয়ে জানিবলৈ দিয়ে।

তেওঁ ইয়াৰ প্ৰতিবাদ কৰাৰ পাছতে তেওঁক প্ৰহাৰ কৰা বুলি উল্লেখ কৰি ছুমিয়ে কয় যে তেওঁৰ পিতৃ আৰু আন আত্মীয়ই তেওঁক উদ্ধাৰ কৰি হাস্পাতলত ভৰ্তি কৰে।

ছফিউলে কয় যে আলমে দীৰ্ঘদিন ধৰি ছুমিক নিৰ্যাতন চলাই আহিছে। আৰক্ষীক দাখিল কৰা অভিযোগত তেওঁ লগতে আলমে তেওঁৰ পৰা ২০০,০০০ টকা যৌতুক দাবী কৰা বুলিও অভিযোগ আনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd