NORTHEAST NOW (Assamese)

ভুৱা আধাৰ কাৰ্ড, ভাৰতীয় ভোটাৰ কাৰ্ডৰ সৈতে গ্ৰেপ্তাৰ বাংলাদেশী

December 22, 2019 11:01 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী আইন তথা প্ৰস্তাৱিত ৰাষ্ট্ৰজোৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে গৱৰ্ণমেন্ট ৰেইলৱে পুলিচে (জি আৰ পি) ভুৱা আধাৰ কাৰ্ড আৰু ভাৰতীয় ভোটাৰ কাৰ্ডৰ সৈতে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, বাংলাদেশৰ চিলেট জিলাৰ তেজপুৰৰ বাসিন্দা মহম্মদ বেলাল নামৰ লোকজনক টিকটবিহীনভাৱে যাত্ৰা কৰাৰ সময়ত অমৃতসৰ-কলকাতা-দুৰ্গিয়ানা এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

বাংলাদেশী নাগৰিকজন ধানবাদ ৰেইলৱে ষ্টেশ্যনত টিকট পৰীক্ষা কৰাৰ সময়ত ধৰা পৰে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, বেলালৰ পৰা তিনিখন বাংলাদেশী পাছপ’ৰ্ট, দেশখনৰ মুদ্ৰাৰ লগতে আমেৰিকান ডলাৰ জব্দ কৰা হয়।

ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে বেলালে প্ৰথমতে নিজকে পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ পৰা অহা বুলি দাবী কৰিছিল যদিও টিকট পৰীক্ষক গৰাকীয়ে তেওঁৰ লগত বাংলাদেশৰ পাছপ’ৰ্ট দেখি কথাটো আৰ পি এফক জনায়। আৰপিএফে বাংলাদেশী বেলালক জিম্মালৈ নিয়ে।

বেলালে লক্ষ্ণৌত ৰেইলত উঠিছিল আৰু কলকাতালৈ ৰাওনা হৈছিল। ইয়াৰ পৰাই তেওঁ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বেলালৰ জ্যেষ্ঠ ভাতৃ কামালুদ্দিন লক্ষ্ণৌ কাৰাগাৰত বন্দী হৈ আছে। বেলালে জেৰাত জানিবলৈ দিয়ে যে তেওঁ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাত ভুৱা আধাৰ কাৰ্ড তথা ভাৰতীয় ভোটাৰ কাৰ্ড প্ৰস্তুত কৰি লৈছিল।

বাংলাদেশী নাগৰিকজনক বিশেষ ৰেইলৱে ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ পাছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Related News