• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ আৰু ২৫ মাৰ্চত দেশজোৰা দুদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান; চাৰিদিন ব্যাহত হ’ব বেংক সেৱা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 8:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে (ইউ এফ বি ইউ) ২৪ আৰু ২৫ মাৰ্চত দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। এই ধৰ্মঘটৰ জৰিয়তে তেওঁলোকে বেংকিং খণ্ডত পৰ্যাপ্ত নিযুক্তি, অস্থায়ী কৰ্মীসকলৰ নিয়মীয়াকৰণ আৰু পাঁচদিনীয়া কৰ্ম সপ্তাহ কাৰ্যকৰী কৰাৰ দাবী জনাইছে।

ইউ এফ বি ইউ হৈছে ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত বেংক, বিদেশী বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ আঠ লাখৰো অধিক কৰ্মচাৰী আৰু বিষয়াক প্ৰতিনিধিত্ব কৰা ৯টা বেংক ইউনিয়নৰ সন্মিলিত সংস্থা।

Apply Now

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ (এআইবিঅ’চি) উপ-সভাপতি পংকজ কাপুৰে কয় যে, “২২ মাৰ্চৰ পৰা চাৰি দিনৰ বাবে বেংকিং সেৱা ব্যাহত থাকিব। ২২ মাৰ্চৰ পৰা চাৰিদিনৰ বাবে বেংকিং পৰিসেৱা বন্ধ থাকিব। ২৩ মাৰ্চ বেংক বন্ধ (দেওবাৰ) আৰু ২৪-২৫ মাৰ্চ ধৰ্মঘট। ফলত ক্লিয়াৰিং হাউচ, নগদ ধনৰ লেনদেন, ৰেমিটেন্স, এডভান্স আদি সকলো ২২ মাৰ্চৰ পৰা চাৰিদিনৰ বাবে সকলো বন্ধ থাকিব।” এই ধৰ্মঘটৰ ফলত সাধাৰণ ৰাইজৰ বেংকিং কাম-কাজত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ইউ এফ বি ইউৰ দাবীসমূহৰ ভিতৰত আছে সকলো স্তৰতে পৰ্যাপ্ত নিযুক্তি, অস্থায়ী কৰ্মচাৰীৰ নিয়মীয়াকৰণ, পাঁচ দিনীয়া কৰ্ম সপ্তাহ, চাকৰিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা শেহতীয়া ডি এফ এছ/চৰকাৰী নিৰ্দেশনা প্ৰত্যাহাৰ কৰা যিয়ে কৰ্মচাৰীৰ মাজত বিভাজন আৰু বৈষম্যৰ সৃষ্টি কৰে আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰে।

তদুপৰি উত্তেজিত গ্ৰাহকৰ আক্ৰমণ আৰু নিৰ্যাতনৰ পৰা বেংক কৰ্মচাৰীক সুৰক্ষা প্ৰদান, পি এছ বিত কৰ্মী/অফিচাৰ ডাইৰেক্টৰ পদ পূৰণ, আই বি এৰ সৈতে অমীমাংসিত হৈ থকা সমস্যা সমাধান আৰু চৰকাৰী কৰ্মচাৰীৰ দৰে গ্ৰেচুইটি আইন সংশোধন কৰি আয়কৰৰ পৰা ৰেহাই দিয়াৰ দাবী উত্থাপন কৰা হৈছে।

ইউনিয়নৰ বিবৃতিত লগতে কোৱা হৈছে, “কৰ্মচাৰীসকলক কম খৰচত প্ৰদান কৰা কল্যাণমূলক সুবিধাসমূহৰ ওপৰত আয়কৰ আদায় কৰাটো উচিত নহয়।” ইয়াৰ উপৰিও চৰকাৰে আইডিবিআই বেংকত নূন্যতম ৫১% ইকুইটি কেপিটেল বজাই ৰাখিবলৈ, পিএছবিৰ নীতিগত বিষয়ত ডিএফএছৰ অত্যধিক হস্তক্ষেপ বন্ধ কৰিবলৈ, স্থায়ী চাকৰিৰ আউটচ’ৰ্চিং বন্ধ কৰিবলৈ আৰু বেংকিং উদ্যোগত অন্যায় শ্ৰম প্ৰথাৰ অন্ত পেলাবলৈ দাবী জনায়।

ইউ এফ বি ইউৰ প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে গ্ৰাহকক সন্তোষজনক সেৱা প্ৰদান কৰিবলৈ আৰু বৰ্তমানৰ কৰ্মচাৰীসকলৰ ওপৰত অতিৰিক্ত কামৰ বোজা হ্ৰাস কৰিবলৈ শাখাসমূহত পৰ্যাপ্ত কৰ্মচাৰীৰ প্ৰয়োজন।

তেওঁলোকে উল্লেখ কৰে যে, “আৰ বি আই, বীমা কোম্পানী আৰু চৰকাৰী খণ্ডকে ধৰি সমগ্ৰ বিত্তীয় খণ্ডই সপ্তাহত পাঁচ দিন কাম কৰে। আনকি আই টিকে ধৰি বহু ব্যক্তিগত খণ্ডতো ইয়াক কাৰ্যকৰী কৰা হয়। সেয়েহে আমি বেংকতো পাঁচদিনীয়া কৰ্মদিনৰ দাবী জনাইছো। ভাৰতীয় বেংকে এবছৰ পূৰ্বে চৰকাৰক এই পৰামৰ্শ দিছিল যদিও চৰকাৰৰ অনুমোদন এতিয়াও বাকী আছে। আমি আৰু পলম নকৰাকৈ ইয়াক কাৰ্যকৰী কৰিবলৈ দাবী জনাইছো।”

তদুপৰি, চৰকাৰৰ শেহতীয়া একপক্ষীয় নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন হৈছে, যেনে কৰ্মচাৰীৰ কৰ্মক্ষমতাৰ মাহেকীয়া পৰ্যালোচনা আৰু ইউনিয়নৰ লগত আলোচনা নকৰাকৈ উদ্গনিমূলক আঁচনিৰ পৰিৱৰ্তন। এই দাবীসমূহৰ সমাধানৰ বাবে ইউ এফ বি ইউয়ে ২৩ মাৰ্চৰ মাজনিশাৰ পৰা ২৫ মাৰ্চৰ মাজনিশালৈকে দুদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে।

ইউ এফ বি ইউৰ সাধাৰণ সম্পাদক ৰূপম ৰায় স্বাক্ষৰিত এক বিবৃতিত কোৱা হৈছে যে আমি ধৰ্মঘট কৰিবলৈ বাধ্য হৈছো কাৰণ এই সমস্যা সমাধানৰ বাবে মেনেজমেন্ট বা চৰকাৰ আগবাঢ়ি অহা নাই। যিহেতু এই ধৰ্মঘট আই পি এলৰ উদ্বোধনী মেচ (২২ মাৰ্চ)ৰ ঠিক পিছতেই হৈছে, সেয়েহে বেংকিং সেৱাত ইয়াৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd